বৰ্তমানৰ কৃষিমন্ত্ৰী তথা বিগত চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৫ বছৰৰ কাৰ্যকালত অসমৰ প্ৰায় ৭০% বানপানী নাইকিয়া বা নিয়ন্ত্ৰণ কৰিব পাৰিছে বুলি দাবী কৰিছে।
বানপানীৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শনৰ সময়ত তেওঁ কয়, এইবাৰ যি অঞ্চলত বিধ্বস্ত পৰিস্থিতি সৃষ্টি হৈছে, সেই অঞ্চলৰ বাবে মথাউৰি নিৰ্মাণৰ অনুমোদন আগতেই দিয়া হৈছিল।
হাজৰিকাৰ মতে, বিহুবৰৰ পৰা শিমলুগুৰিলৈ ১৯ কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ অনুমোদন প্ৰায় ডেৰ বছৰ আগতেই দিয়া হৈছিল। লগতে ২১ কিলোমিটাৰ আৰু ১৯ কিলোমিটাৰ মথাউৰি অনুমোদনৰ কথাও তেওঁ উল্লেখ কৰে।
ভূমি অধিগ্ৰহণৰ জটিলতাত স্থানীয় লোকে মাটি এৰি নিদিয়াৰ বাবে প্ৰস্তাৱিত মথাউৰিটো নিৰ্মাণ কৰিব নোৱাৰিলে বুলি তেওঁ অভিযোগ কৰে। সেই মথাউৰি নিৰ্মাণ হ’লে নেপালী খুটি গাঁৱৰ বিধ্বংসী পৰিস্থিতি নহ’লহেঁতেন বুলিও তেওঁ কয়।
তেওঁৰ ভাষ্য, চৰকাৰে আগতেই প্ৰকল্পটো প্ৰস্তাৱ আৰু অনুমোদন দিছিল। কিন্তু নিৰ্মাণৰ বাবে প্রয়োজনীয় সময় নোপোৱাৰ ফলত কাম আগবঢ়াব নোৱাৰিলে।
ক্ষতিগ্ৰস্ত লোকসকলে মুখ্যমন্ত্ৰীৰ সন্মুখত প্ৰস্তাৱিত মথাউৰিটো নিৰ্মাণৰ অনুৰোধ জনাইছে বুলি উল্লেখ কৰি হাজৰিকাই আগলৈও যিমান পাৰে চেষ্টা চলাই যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
