ব্ৰাহ্মণক অপমান কৰাও সংবিধানবিৰোধী বুলি দাবী Ramdevৰ

যোগগুৰু Ramdev-এ ব্ৰাহ্মণক অপমান কৰাও সংবিধান আৰু দেশৰ গণতন্ত্ৰৰ বিৰুদ্ধে বুলি দাবী কৰিছে। সামাজিক মাধ্যম Xত প্ৰচাৰিত এটা ভিডিঅ’ত তেওঁ এই মন্তব্য কৰে।

তেওঁ কয়, SC/ST সম্প্ৰদায়ক অপমান কৰাটো যদি সংবিধানবিৰোধী বুলি ধৰা হয়, তেন্তে ব্ৰাহ্মণক অপমান কৰাও সংবিধানবিৰোধী।

Ramdevৰ অভিযোগ, কিছুমান লোকে ব্ৰাহ্মণক গালি দি দেশত গণতন্ত্ৰ নহয়, ‘ব্ৰাহ্মণতন্ত্ৰ’ চলি আছে বুলি কয়। এনে মন্তব্যও সংবিধান আৰু গণতন্ত্ৰৰ বিপৰীত বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয়, কোনো স্ত্ৰী, বৈশ্য, শূদ্ৰ, ব্ৰাহ্মণ বা সন্ন্যাসীক গালি দিয়া উচিত নহয়। সন্ন্যাসীক গালি দিয়াটো আজিকালি নতুন ‘ফেশ্যন’ হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰে।

সমাজত পৰস্পৰৰ মাজত বিভাজনৰ দেৱাল তুলি এজনে আনজনৰ বিৰুদ্ধে সংঘাত সৃষ্টি কৰাৰ চেষ্টা চলিছে বুলি Ramdev-এ অভিযোগ কৰে। এনে পৰিস্থিতি হ’ব নালাগে বুলিও তেওঁ আহ্বান জনায়।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *