শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বানপীড়িত লোকৰ স্বাৰ্থত চৰকাৰে তৎকালীন আৰু স্থায়ী পদক্ষেপ ল’ব লাগে বুলি দাবী তুলিছে টাই আহোম ছাত্ৰ সন্থাই। সংগঠনটোৱে বান নিয়ন্ত্ৰণৰ বাবে শ্লুইচ গেট নিৰ্মাণ আৰু বিশেষজ্ঞৰ পৰামৰ্শ লোৱাৰ দাবী জনায়।
সংগঠনটোৰ মতে, দুৰ্যোগৰ সময়ত চৰকাৰে ক্ষতিগ্ৰস্ত জনসাধাৰণৰ পক্ষত থিয় হৈ সিদ্ধান্ত ল’ব লাগে। শিৱসাগৰ অঞ্চলত বহু লোক বানত ডুবি কষ্টত আছে বুলি উল্লেখ কৰি তেওঁলোকে সংশ্লিষ্ট বিভাগক কাৰ্যপন্থা ল’বলৈ আহ্বান জনায়।
বান নিয়ন্ত্ৰণ সম্পৰ্কীয় কামত গাফিলতি হোৱাৰ বাবেই পানী সিঁচি উলিয়াবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে বুলি সংগঠনটোৱে অভিযোগ কৰে। প্ৰতিবেদনৰ ভিত্তিত কিয় শ্লুইচ গেট নিৰ্মাণ কৰা নহ’ল, সেই বিষয়েও তেওঁলোকে প্ৰশ্ন তোলে।
শিৱসাগৰৰ বিধায়ক অখিল গগৈকো বানপীড়িতৰ হৈ মুখ্যমন্ত্ৰী আৰু সংশ্লিষ্ট মন্ত্ৰীৰ সৈতে কথা পাতিবলৈ সংগঠনটোৱে অনুৰোধ জনায়। বানপীড়িত ৰাইজৰ সমস্যা সমাধানৰ বাবে আইআইটিৰ বিশেষজ্ঞকো যুক্ত কৰাৰ দাবী উত্থাপন কৰা হয়।
নাজিৰাৰ বিধায়ক, সুশান্ত বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ, সুৰজ দিহিঙীয়া, ৰমেশ কোঁৱৰ, অখিল গগৈ আদি নেতা একেলগে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহক বুলি সংগঠনটোৱে আহ্বান জনায়। এই সময়ত ৰাজনীতি এৰি দুৰ্যোগপীড়িত লোকৰ বাবে একেলগে কাম কৰাৰো অনুৰোধ জনোৱা হয়।
যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈকো বিষয়টোত হস্তক্ষেপ কৰিবলৈ সংগঠনটোৱে আহ্বান জনাইছে।
