এলজেপি (ৰামবিলাস)ৰ নেতা চিৰাগ পাছৱানে কৈছে, আৰক্ষণ কোনো দান-খয়ৰাত নহয়; ই এক সাংবিধানিক অধিকাৰ। এই ব্যৱস্থা শেষ কৰাৰ ক্ষমতা পৃথিৱীৰ কোনো শক্তিৰ নাই বুলিও তেওঁ মন্তব্য কৰে।
আৰক্ষণক লৈ সমীক্ষা বা সংস্কাৰৰ কথা কোৱা লোকসকলে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে এই ব্যৱস্থা কিয় প্ৰয়োজনীয়, সেয়া বুজি নাপায় বুলি পাছৱানে অভিযোগ কৰে। তেওঁৰ মতে, সমাজত আজিও জাতিভিত্তিক বৈষম্য আৰু অস্পৃশ্যতাৰ ঘটনা চলি আছে।
তেওঁ মাল্লিকাৰ্জুন খড়গেৰ সৈতে মঞ্চত সংঘটিত এক ঘটনাৰ উল্লেখ কৰি দলিতসকলৰ প্ৰতি বৈষম্যৰ কথা তোলে। দলিত যুৱকক ঘোঁৰাত উঠিবলৈ বা দলিত দৰাৰ শোভাযাত্ৰা উলিয়াবলৈ বাধা দিয়াৰ ঘটনাও আজিও ঘটে বুলি তেওঁ কয়।
পাছৱানৰ মতে, অনুসূচিত জাতিৰ বহু লোক ঐতিহাসিকভাৱে অস্পৃশ্যতাৰ শিকাৰ হৈছিল। সমাজৰ মূলসুঁতিৰ সৈতে তেওঁলোকক সংযোগ কৰাৰ লক্ষ্য এতিয়াও সম্পূৰ্ণ হোৱা নাই বুলি তেওঁ মন্তব্য কৰে।
‘ক্ৰীমি লেয়াৰ’ প্ৰৱৰ্তনৰ তেওঁ বিৰোধিতা কৰে। এনে শ্ৰেণীবিভাজনে অনুসূচিত জাতি-জনজাতিৰ একতা আৰু শক্তি কমাব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰে।
উচ্চ জাতিৰ আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে ১০% আৰক্ষণৰ কথাও পাছৱানে উল্লেখ কৰে। তেওঁ কয়, যি চৰকাৰত চিৰাগ পাছৱান আছে, সেই চৰকাৰত এই আৰক্ষণ ব্যৱস্থা নষ্ট হ’বলৈ নিদিয়ে।
