কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে দেশত যুৱকৰ মাজত হতাশা আৰু ক্ষোভ বৃদ্ধি পোৱাৰ অভিযোগ তুলি ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নীতিক দায়ী কৰিছে।
চৰকাৰী তথ্যৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, যুৱকসকলৰ মাজত ক্ষোভ আৰু হতাশা স্পষ্ট। এই পৰিস্থিতি ইতিমধ্যে বিভিন্ন প্ৰতিবাদতো দেখা গৈছে বুলি তেওঁ মন্তব্য কৰে।
প্ৰিয়ংকা গান্ধীৰ অভিযোগ, বিগত ১২ বছৰত দেশত চাকৰি সৃষ্টিৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া হোৱা নাই। শিক্ষা ব্যৱস্থা ব্যৰ্থ হোৱা আৰু নতুন চাকৰি সৃষ্টি নোহোৱাটো এই সমস্যাৰ মূল কাৰণ বুলি তেওঁ কয়।
উৎপাদন খণ্ড আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহক চৰকাৰে প্ৰয়োজনীয় গুৰুত্ব নিদিয়াৰ অভিযোগো তোলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
তেওঁৰ মতে, কিছুমান নীতিয়ে ক্ষুদ্ৰ ব্যৱসায় আৰু চাকৰি দিয়া লোকসকলক ক্ষতিগ্ৰস্ত কৰিছে। কৃষি খণ্ডও ইয়াৰ প্ৰভাৱৰ পৰা বাদ পৰা নাই বুলি তেওঁ অভিযোগ কৰে।
এই বিষয়বোৰ কংগ্ৰেছে বহুদিন ধৰি উত্থাপন কৰি আহিছে বুলি প্ৰিয়ংকা গান্ধীয়ে কয়।
