CJP-ক ‘বিশ্বাসঘাতকতা’ চৰকাৰৰ ! আকৌ মোদী চৰকাৰৰ বিৰুদ্ধে CJPৰ প্ৰতিবাদ...

পুনৰ আন্দোলনত নামিব CJP। অহা ৫ ছেপ্টেম্বৰত যুৱ মাৰ্চ উলিয়াব CJP-য়ে । সংগঠনটোৱে জনোৱা অনুসৰি, ইণ্ডিয়া গেটৰ পৰা নতুন দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ এই মাৰ্চ উলিওৱা হ’ব।

CJPৰ অভিযোগ, ২৫ জুলাইত যন্তৰ-মন্তৰত অনুষ্ঠিত ছাত্ৰ আন্দোলন প্ৰত্যাহাৰ কৰাৰ সময়ত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি এতিয়াও সম্পূৰ্ণ কৰা হোৱা নাই। বিশেষকৈ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু হোৱা এজাহাৰ প্ৰত্যাহাৰৰ বিষয়টোত চৰকাৰে বিলম্ব কৰি আছে বুলি সংগঠনটোৱে অভিযোগ কৰিছে। 

CJPৰ ৰাষ্ট্ৰীয় সমিতিয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি, চৰকাৰে প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত স্পষ্ট পদক্ষেপ গ্ৰহণ নকৰাত পুনৰ শান্তিপূৰ্ণ আন্দোলনৰ সিদ্ধান্ত লোৱা হৈছে। সংগঠনটোৱে কয় যে ২৫ জুলাইৰ পিছত চৰকাৰৰ প্ৰতিশ্ৰুতি পৰ্যালোচনা কৰি তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 

এই মাৰ্চত NEETৰ ঘটনাত সন্তান হেৰুওৱা পৰিয়াল আৰু আৰক্ষীৰ অত্যাচাৰৰ অভিযোগ উত্থাপন কৰা লোকসকলে আগভাগ ল’ব বুলি CJP-য়ে জনাইছে। ইয়াৰ লগতে বিভিন্ন ছাত্ৰ সংগঠন, যুৱ সংগঠন আৰু দেশৰ বিভিন্ন প্ৰান্তৰ যুৱ নাগৰিককো মাৰ্চত অংশগ্ৰহণৰ আহ্বান জনোৱা হৈছে। 

CJPয়ে লগতে উল্লেখ কৰিছে যে ১৮ আগষ্টত উচ্চতম ন্যায়ালয়ে দেশজুৰি পঞ্জীয়ন হোৱা এজাহাৰসমূহৰ তালিকা বিচাৰিছিল, যাতে বিষয়টো একেলগে বিবেচনা কৰিব পাৰে। সংগঠনটোৰ মতে, এই বিষয়তো চৰকাৰৰ পৰা এতিয়াও স্পষ্ট প্ৰতিশ্ৰুতি লাভ কৰা হোৱা নাই। 

সংগঠনটোৱে কয় যে ছাত্ৰ-যুৱসমাজৰ বিশ্বাসক কোনো কাৰণতে উপেক্ষা কৰা উচিত নহয়। তেওঁলোকৰ মতে, আন্দোলন প্ৰত্যাহাৰ কৰাৰ সময়ত চৰকাৰৰ ওপৰত যি আস্থা ৰখা হৈছিল, সেই আস্থা অক্ষুণ্ণ ৰাখিবলৈ চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিব লাগিব।

উল্লেখ্য যে CJPয়ে নিবনুৱা সমস্যা আৰু পৰীক্ষা সম্পৰ্কীয় অনিয়মৰ দৰে বিষয়তো পূৰ্বৰে পৰা মাত মাতি আহিছে। ৫ ছেপ্টেম্বৰৰ মাৰ্চৰ জৰিয়তে সংগঠনটোৱে পুনৰ ছাত্ৰ আৰু যুৱসমাজৰ বিভিন্ন দাবী ৰাজহুৱা কৰাৰ প্ৰস্তুতি চলাইছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *