লেখাপানীৰ টিৰাপ দলঙৰ তলত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ।
উদ্ধাৰ হোৱা মৃতদেহটো জাগুন ৰামপুৰৰ ৬০ বছৰীয়া নাগেন্দ্ৰ কাপোৰৰ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, আজি পুৱা লোকজন টিৰাপ নৈত গা ধুবলৈ আহিছিল।
গা ধুবলৈ অহাৰ পাছৰে পৰা লোকজন সন্ধানহীন হৈ আছিল।
পৰৱৰ্তী সময়ত স্থানীয় লোকে টিৰাপ নৈৰ তলত লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে।
ঘটনাৰ খবৰ লাভ কৰি লেখাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
লোকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাছতহে মৃত্যুৰ কাৰণ স্পষ্ট হ’ব।
