জুবিনৰ বছৰেকীয়া তিথি: ১৭-১৯ তাৰিখলৈ প্ৰাৰ্থনা, সাংস্কৃতিক অনুষ্ঠানৰ পৰিকল্পনা

জুবিনৰ বছৰেকীয়া তিথিৰ বাবে ১৭ৰ পৰা ১৯ তাৰিখলৈ সৰ্বধৰ্মৰ প্ৰাৰ্থনা, সাংস্কৃতিক অনুষ্ঠান, ভাগৱত পাঠ আৰু ভাওনাৰ কাৰ্যসূচী আয়োজনৰ পৰিকল্পনা কৰা হৈছে বুলি জনাইছে গৰিমা শইকীয়া গাৰ্গে।

তেওঁৰ মতে, ১৭ তাৰিখে আগবেলাই সৰ্বধৰ্মৰ প্ৰাৰ্থনাৰে কাৰ্যসূচী আৰম্ভ হ’ব। ইয়াৰ পিছত ১৮ তাৰিখে গধূলিলৈ সাংস্কৃতিক অনুষ্ঠান চলিব।

১৭ আৰু ১৮ তাৰিখে ইচ্ছুক লোকসকলে নাগাৰা নাম, নাম-প্ৰসংগ বা অন্য অনুষ্ঠান নিজা উদ্যোগত আয়োজন কৰিব পাৰিব বুলি গৰিমাই কয়। জুবিনৰ বাবে কিবা কৰিব বিচৰাসকলক অংশগ্ৰহণ আৰু সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে।

১৯ তাৰিখে ৰাতিপুৱাই আসন স্থাপন কৰি দিনজুৰি ভাগৱত পাঠ অনুষ্ঠিত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। গধূলিলৈ এভাগ ভাওনাৰে তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব।

সাংস্কৃতিক অনুষ্ঠানটো জুবিনৰ বাবে কিবা পৰিৱেশন কৰিব বিচৰা লোকসকলৰ বাবে মুকলি মঞ্চৰ দৰে ৰাখিবলৈ চিন্তা কৰা হৈছে বুলি গৰিমাই উল্লেখ কৰে। অৱশ্যে সময়ৰ সীমাবদ্ধতাৰ বাবে অনুষ্ঠান গোটেই ৰাতি চলাই যোৱা সম্ভৱ নহ’ব বুলিও গৰিমা শইকীয়া গাৰ্গে কয়।

কাৰ্যসূচীক লৈ এখন সৰু সভাত আলোচনা কৰি সিদ্ধান্ত লোৱা হৈছে বুলি গৰিমা শইকীয়া গাৰ্গে জানিবলৈ দিয়ে। তেওঁৰ ভাষ্য, জুবিনৰ প্ৰতি মৰম, শ্ৰদ্ধা আৰু ভক্তি লৈ অহা সকলো লোকেই বিশিষ্ট।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *