'হিজাব পৰিধান কৰাটো ইছলাম ধৰ্মৰ বাবে অনিবাৰ্য নহয়' : এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্কুলৰ ইউনিফৰ্মৰ সৈতে হিজাব পিন্ধাৰ অনুমতি বিচৰা নাবালিকা শিক্ষাৰ্থীৰ আবেদন খাৰিজ আলাহাবাদ উচ্চ ন্যায়ালয়ৰ

প্ৰয়াগৰাজৰ এখন ব্যক্তিগত বিদ্যালয়ৰ নাবালিকা শিক্ষাৰ্থীয়ে স্কুলৰ নিৰ্ধাৰিত ইউনিফৰ্মৰ সৈতে হিজাব পিন্ধাৰ অনুমতি বিচাৰি দাখিল কৰা আবেদন খাৰিজ কৰিছে আলাহাবাদ উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ে কয় যে সকলো শিক্ষাৰ্থীৰ বাবে সমানে প্ৰযোজ্য ইউনিফৰ্ম নীতি ব্যক্তিগত পছন্দ অনুসৰি সলনি কৰাৰ অধিকাৰ কোনো শিক্ষাৰ্থীৰ নাই। 

মামলাটো প্ৰয়াগৰাজৰ আটাৰছুইয়া অঞ্চলৰ টেগোৰ পাব্লিক স্কুলৰ এগৰাকী ছাত্ৰীক লৈ। ছাত্ৰীগৰাকীয়ে দশম শ্ৰেণী উত্তীৰ্ণ হৈ একাদশ শ্ৰেণীত একেখন বিদ্যালয়তে নামভৰ্তি কৰিব বিচাৰিছিল। তেওঁৰ মাতৃৰ জৰিয়তে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰি বিদ্যালয়ৰ নিৰ্ধাৰিত পোছাকৰ সৈতে মূৰত হিজাব বা স্কাৰ্ফ পিন্ধিবলৈ অনুমতি বিচৰা হৈছিল। 

ছাত্ৰীগৰাকীৰ দাবী আছিল যে তেওঁ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ একেখন বিদ্যালয়তে হিজাব পিন্ধিয়েই পঢ়া-শুনা কৰিছিল আৰু সেই সময়ত বিদ্যালয় কৰ্তৃপক্ষই কোনো আপত্তি কৰা নাছিল। কিন্তু একাদশ শ্ৰেণীত নামভৰ্তিৰ সময়ত হিজাব পিন্ধি থকাৰ বিষয়টোক লৈ সমস্যা সৃষ্টি হোৱা বুলি তেওঁ আদালতক জনায়। 

ছাত্ৰীগৰাকীয়ে হিজাব পিন্ধাটো তেওঁৰ ধৰ্মীয় বিশ্বাসৰ সৈতে জড়িত বুলি যুক্তি দিছিল। তেওঁৰ মতে, হিজাব পিন্ধিবলৈ বাধা দিয়াটো তেওঁৰ মৌলিক অধিকাৰৰ পৰিপন্থী। কিন্তু বিদ্যালয় কৰ্তৃপক্ষই এই দাবীৰ বিৰোধিতা কৰি কয় যে বিদ্যালয়খনত সকলো শিক্ষাৰ্থীৰ বাবে একে ইউনিফৰ্ম নীতি প্ৰযোজ্য। 

বিদ্যালয় কৰ্তৃপক্ষৰ মতে, এগৰাকী শিক্ষাৰ্থীক পৃথক পোছাক পিন্ধাৰ অনুমতি দিলে বিদ্যালয়ৰ শৃংখলা আৰু ইউনিফৰ্ম নীতিৰ একৰূপতা বিঘ্নিত হ’ব পাৰে। ৰাজ্য চৰকাৰেও বিদ্যালয়ৰ নিৰ্ধাৰিত পোছাক নীতিৰ পক্ষত মত প্ৰকাশ কৰে। 

ন্যায়াধীশ জে জে মুনীৰ আৰু ন্যায়াধীশ ইন্দ্ৰজিত শুক্লাৰ দুজনীয়া বিচাৰপীঠে গোচৰটো শুনানি গ্ৰহণ কৰে। আদালতে কয় যে বিদ্যালয়ৰ ইউনিফৰ্ম নীতি যদি সকলো শিক্ষাৰ্থীৰ বাবে সমান, বৈষম্যহীন আৰু শৃংখলা তথা প্ৰতিষ্ঠানৰ পৰিচয় বজাই ৰখাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা হয়, তেন্তে সেই নীতি মানি চলাটো শিক্ষাৰ্থীৰ দায়িত্ব। 

আদালতে লগতে উল্লেখ কৰে যে ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ বিদ্যালয়ে হিজাব পিন্ধাত আপত্তি নকৰাৰ অৰ্থ এইটো নহয় যে ছাত্ৰীগৰাকীয়ে আগলৈও হিজাব পিন্ধাৰ স্থায়ী অধিকাৰ লাভ কৰিছে। বিদ্যালয়ে পূৰ্বতে আপত্তি নকৰাৰ কাৰণে এতিয়া ইউনিফৰ্ম নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা সৃষ্টি নহয় বুলি আদালতে মত প্ৰকাশ কৰে। 

হিজাব ইছলাম ধৰ্মৰ এক ‘অত্যাৱশ্যকীয় ধৰ্মীয় আচাৰ’ বুলি ছাত্ৰীগৰাকীয়ে কৰা দাবীৰ ক্ষেত্ৰতো আদালতে পৰ্যাপ্ত তথ্য-প্ৰমাণ নোপোৱাৰ কথা উল্লেখ কৰে। আদালতৰ মতে, হিজাব নপিন্ধিলে এগৰাকী মুছলমান মহিলাৰ ধৰ্মীয় বিশ্বাসৰ মূল চৰিত্ৰ নষ্ট হ’ব বুলি প্ৰমাণ কৰিবলৈ আবেদনখনত পৰ্যাপ্ত তথ্য বা প্ৰামাণিক ধৰ্মীয় সমল দাখিল কৰা হোৱা নাছিল। 

এই সন্দৰ্ভত আদালতে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ২০২২ চনৰ হিজাব সম্পৰ্কীয় ৰায়ৰ কথাও বিবেচনা কৰে। আলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ পৰা এতিয়াও কোনো চূড়ান্ত আৰু সৰ্বজনীন সিদ্ধান্ত অহা নাই যদিও কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক এই গোচৰত গুৰুত্বপূৰ্ণ সহায়ক সিদ্ধান্ত হিচাপে বিবেচনা কৰাৰ কোনো বাধা নাই। 

আদালতে বিদ্যালয়ৰ ইউনিফৰ্মৰ উদ্দেশ্য হিচাপে শৃংখলা, শিক্ষাৰ্থীসকলৰ মাজত সমতা, প্ৰতিষ্ঠানৰ পৰিচয় আৰু শ্ৰেণীকোঠাত বৈষম্য হ্ৰাস কৰাৰ কথাও উল্লেখ কৰে। ব্যক্তিগত শিক্ষাৰ্থীয়ে নিজৰ পছন্দ অনুসৰি ইউনিফৰ্ম সলনি কৰাৰ অনুমতি পালে ‘ইউনিফৰ্ম’ৰ মূল উদ্দেশ্যই ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলি আদালতে মত প্ৰকাশ কৰে। 

সকলো যুক্তি আৰু নথি পৰ্যালোচনা কৰাৰ পিছত আলাহাবাদ উচ্চ ন্যায়ালয়ে ছাত্ৰীগৰাকীৰ আবেদন খাৰিজ কৰে। এই ৰায়ৰ পিছত বিদ্যালয়খনৰ নিৰ্ধাৰিত ইউনিফৰ্ম নীতি অনুসৰণ কৰাটো ছাত্ৰীগৰাকীৰ বাবে বাধ্যতামূলক হৈ পৰিল। 


Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *