২৭ আগষ্টৰ ভিতৰত সাহাৰ্য নিদিলে ২৮ত ডিচি কাৰ্যালয় ঘেৰাওৰ হুংকাৰ

শিৱসাগৰত বানপীড়িতৰ এক গণসমাৱেশত বিধায়ক আখিল গগৈয়ে ২৭ আগষ্টৰ ভিতৰত ১৫ হাজাৰ টকাৰ এককালীন সাহাৰ্য নিদিলে ২৮ আগষ্টত ডিচি কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ দিছে।

গগৈয়ে কয়, এই সাহাৰ্য ২৪, ৩৬ বা ৪৮ ঘণ্টাৰ ভিতৰত দিয়াৰ কথা আছিল যদিও ৩৬ দিন পাৰ হোৱাৰ পাছতো বহু লোকে পোৱা নাই। সেয়ে অহা ৪৮ ঘণ্টাৰ ভিতৰত সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিবলৈ তেওঁ চৰকাৰক দাবী জনায়।

তেওঁৰ দাবী, বানপীড়িতসকলক ১০ লাখ টকাৰ ক্ষতিপূৰণো দিব লাগিব। এই দাবী পূৰণ নহ’লে ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ধৰ্ণাত বহাৰ লগতে গুৱাহাটীত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী লোৱা হ’ব বুলি গগৈয়ে সকীয়াই দিয়ে।

মুখ্যমন্ত্ৰীয়ে ২৫ হাজাৰ টকাৰ তাৎক্ষণিক পুঁজিৰ কথা ক’লেও এতিয়াও ৬০ শতাংশ লোকে সেয়া পোৱা নাই বুলি গগৈয়ে অভিযোগ কৰে। বিদ্যুৎ বিনামূলীয়া কৰা, ইএমআই ৰেহাই আৰু ৮ কেজি চাউল দিয়াৰ প্ৰতিশ্ৰুতিও কাৰ্যকৰী হোৱা নাই বুলি তেওঁ অভিযোগ তোলে।

গগৈৰ অভিযোগ, বানপীড়িতসকলে মাত্ৰ ৪ কেজি চাউল, ১ কেজি দালি আৰু বালক মিঠাতেল পাইছে। চৰকাৰৰ এই প্ৰতিশ্ৰুতিসমূহ মিছা প্ৰমাণিত হোৱা বুলি দাবী কৰি তেওঁ বানপীড়িতৰ চৰকাৰৰ ওপৰত আস্থা শেষ হোৱা বুলি মন্তব্য কৰে।

ইফালে, এই ‘মহাপ্ৰলয়’ৰ বাবে মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিধায়ক ময়ূৰ বৰগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰক দায়ী কৰি অতি সোনকালে তেওঁলোকক বৰখাস্ত কৰাৰ দাবী জনায় গগৈয়ে। দাবী মানি নল’লে চূড়ান্ত সিদ্ধান্ত নোহোৱালৈকে আন্দোলন চলি থাকিব বুলিও তেওঁ ঘোষণা কৰে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *