মানসজ্যোতি চেতিয়াক ‘জাতীয় শ্বহীদ’ ঘোষণা বীৰ লাচিত সেনাৰ

বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিয়ে সংগঠনটোৰ কৰ্মী মানসজ্যোতি চেতিয়াক ‘জাতীয় শ্বহীদ’ ঘোষণা কৰিছে। তেওঁৰ মৃত্যুক লৈ নিৰপেক্ষ তদন্তৰ দাবীও জনাইছে সংগঠনটোৱে।

সংগঠনৰ বক্তব্য অনুসৰি, বান-বিভীষিকাত আক্ৰান্ত লোকসকলৰ সহায়, জীৱন-জীৱিকা আৰু পুনৰ সংস্থাপনৰ স্বাৰ্থত মানসজ্যোতি চেতিয়াই দিন-ৰাতি কাম কৰিছিল। সেই সেৱামূলক কামৰ বাবে তেওঁক সংগঠনটোৱে ‘অসমৰ অক্লান্ত সৈনিক’ বুলি অভিহিত কৰে।

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিয়ে কয় যে মানসজ্যোতি চেতিয়াৰ মৃত্যু সন্দৰ্ভত ইতিমধ্যে তিনিখন এজাহাৰ দাখিল কৰা হৈছে। তেওঁৰ মৃত্যুৰ ধৰণক লৈ সংগঠনটোৰ লগতে সাধাৰণ লোকৰ মনতো সন্দেহ আৰু শংকা আছে বুলি অভিযোগ কৰিছে সংগঠনটোৱে।

সেই সন্দেহ দূৰ কৰিবলৈ চৰকাৰে নিৰপেক্ষ তদন্ত কৰিব লাগে বুলি বীৰ লাচিত সেনাই আহ্বান জনায়। সংগঠনটোৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত শিৱসাগৰ টাউন হৈ তেওঁৰ ঘৰলৈ যোৱাৰ কথাও জানিবলৈ দিয়ে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *