এতিয়াৰে পৰা গ্ৰাহকে অৰ্ডাৰ দিব নোৱাৰিব Amazon-Instamart-BigBasket-ত ! এই মাৰাত্মক ভুলৰ বাবে বাতিল হ'ল অনুজ্ঞাপত্ৰ...
কৰ্ণাটকত অনলাইন প্লেটফৰ্মৰ জৰিয়তে বিষাক্ত ধতুৰা ফল আৰু গুটি খাদ্য হিচাপে বিক্ৰী কৰাৰ অভিযোগক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে খাদ্য সুৰক্ষা বিভাগে।
কৰ্ণাটকৰ খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন বিভাগে Amazon, Swiggy Instamart আৰু BigBasketৰ খাদ্য অনুজ্ঞাপত্ৰ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিত কৰিছে।
বিভাগটোৰ তদন্তত অনলাইন প্লেটফৰ্মকেইটাত ধতুৰাৰ ফল আৰু গুটি খাদ্য বা মানুহে খাব পৰা সামগ্ৰী হিচাপে তালিকাভুক্ত কৰি বিক্ৰী কৰা তথ্য পোহৰলৈ আহে। কিছুমান পেকেটত খাদ্য অনুজ্ঞাপত্ৰ বা পঞ্জীয়ন নম্বৰো থকা বুলি তদন্তত প্ৰকাশ পাইছে।
ধতুৰা এবিধ বিষাক্ত উদ্ভিদ। খাদ্য হিচাপে ইয়াৰ সেৱন স্বাস্থ্যৰ বাবে গুৰুতৰ বিপদজনক হ’ব পাৰে। কৰ্তৃপক্ষই জনোৱা অনুসৰি, অপৰিশোধিত ধতুৰা সেৱনে চৰম ক্ষেত্ৰত ক’মা আনকি মৃত্যুও ঘটাব পাৰে।
খাদ্য সুৰক্ষা বিভাগে স্পষ্ট কৰি দিছে যে ধতুৰাৰ ফল বা গুটি খাদ্য হিচাপে সংৰক্ষণ, বিক্ৰী বা বিতৰণ কৰাটো গ্ৰহণযোগ্য নহয়। সেইবাবেই অনলাইন প্লেটফৰ্মকেইটাক এনে সকলো তালিকা আৰু বিজ্ঞাপন তাৎক্ষণিকভাৱে আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে।
তদন্তৰ সময়ত Amazon, Swiggy Instamart আৰু BigBasketৰ প্ৰতিনিধিসকলে কৰ্তৃপক্ষৰ সন্মুখত উপস্থিত হৈছিল। প্ৰতিবেদন অনুসৰি, Amazon-এ কোনো উত্তৰ দাখিল কৰা নাছিল। আনহাতে, Swiggy Instamart-এ নিজৰ ফালৰ পৰা গ্ৰহণ কৰা ব্যৱস্থাৰ নথি দাখিলৰ বাবে অতিৰিক্ত সময় বিচাৰিছিল।
BigBasket-এ অনলাইনত ধতুৰাৰ ফল বিক্ৰী বন্ধ কৰা বুলি কৰ্তৃপক্ষক জনায়। ভৱিষ্যতে এনে সামগ্ৰী তালিকাভুক্ত হ’লে ‘মানুহে খাব নালাগে’ বুলি স্পষ্টকৈ উল্লেখ কৰা হ’ব বুলিও প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে। কিন্তু খাদ্য সুৰক্ষা বিভাগে প্ৰতিষ্ঠানকেইটাৰ ব্যাখ্যা সন্তোষজনক নহয় বুলি মন্তব্য কৰে।
কেৱল অনলাইন প্লেটফৰ্মেই নহয়, ধতুৰাৰ ফল আৰু গুটি যোগান ধৰা বিক্ৰেতা আৰু যোগানকাৰীসকলৰ খাদ্য অনুজ্ঞাপত্ৰ তথা পঞ্জীয়নো তাৎক্ষণিকভাৱে স্থগিত কৰাৰ নিৰ্দেশ দিয়া হৈছে।
এই স্থগিতাদেশ স্থায়ী নহয়। সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহক শুনানিৰ সুযোগ দিয়াৰ লগতে তেওঁলোকে প্ৰয়োজনীয় উত্তৰ আৰু অনুপালন প্ৰতিবেদন দাখিল কৰাৰ পিছত বিষয়টো পুনৰ বিবেচনা কৰা হ’ব পাৰে।
অনলাইনত খাদ্য আৰু দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী ক্ৰয়ৰ প্ৰৱণতা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়তে এই ঘটনাই ই-কমাৰ্চ আৰু কুইক-কমাৰ্চ প্লেটফৰ্মত বিক্ৰী হোৱা সামগ্ৰীৰ নিৰাপত্তা আৰু পৰ্যবেক্ষণক লৈ নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে।
