এম জে চেতিয়াৰ মৃত্যুক লৈ উচ্চস্তৰীয় তদন্তৰ দাবী বিকাশ অসমৰ

শিৱসাগৰৰ এম জে চেতিয়াৰ মৃত্যুক লৈ উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে বীৰ লাচিত সেনাৰ বিকাশ অসমে। এক ভিডিঅ’ বাৰ্তাত তেওঁ এই মৃত্যু দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড, সেয়া পুংখানুপুংখভাৱে তদন্ত কৰাৰ আহ্বান জনায়।

বিকাশ অসমৰ ভাষ্য অনুসৰি, ১৯ আগষ্টৰ বান বিভীষিকাৰ সময়ৰ পৰা এম জে চেতিয়াই অবিৰতভাৱে সাহায্যৰ কাম কৰি আছিল। দেওবাৰলৈকে তেওঁ কাম কৰি থকাৰ পাছতে তেওঁৰ মৃত্যু হয় বুলি তেওঁ উল্লেখ কৰে।

তেওঁৰ অভিযোগ, ৯৫ বছৰীয়া আটাউৰ ৰহমানৰ ভূমি আৰু ঘৰক লৈ সৃষ্টি হোৱা এক বিবাদৰ সৈতে এই ঘটনাৰ যোগসূত্ৰ থাকিব পাৰে। বানত ঘৰ উটি যোৱাৰ পাছত আটাউৰ ৰহমানে এটা তেল ডিপোত আশ্ৰয় লৈছিল বুলি বিকাশ অসমে কয়। পিছত বিভিন্ন দল-সংগঠন আৰু স্থানীয় লোকৰ সহযোগত তেওঁক নিজৰ মাটিত পুনৰ সংস্থাপন কৰা হৈছিল বুলিও তেওঁৰ দাবী।

বিকাশ অসমে আবিদুৰ ৰহমান, চেলিমুৰ ৰহমান, হবিবুৰ ৰহমান, মকবুল ৰহমান, মুজাম্মিল ইছলাম, মুচিদা বেগম, চেলিমা বেগম, আনোৱাৰা বেগম, মসনিকা বেগম আৰু চুবেৰা বেগমৰ নাম উল্লেখ কৰি তেওঁলোকৰ বিৰুদ্ধে অবৈধ দখল আৰু আক্ৰমণৰ অভিযোগ তোলে। এই অভিযোগসমূহৰ কোনো স্বাধীন নিশ্চিতকৰণ ভিডিঅ’টিত দিয়া হোৱা নাই।

তেওঁৰ মতে, এম জে চেতিয়া প্ৰায় ৩৫-৪০ গতিত বাইক চলাই আহি স্পীড ব্ৰেকাৰৰ ওচৰত পৰিছিল বুলি ধৰা হ’লেও, বাইকৰ পৰা প্ৰায় ৪০ ফুট দূৰত তেওঁৰ দেহ পৰি থকা আৰু শৰীৰত হোৱা আঘাতক লৈ সন্দেহ আছে। পিঠিফালে মূৰৰ খোলাত আঘাত, মেৰুদণ্ডত আঘাত, একাধিক ফ্ৰেকচাৰ আৰু মগজুত ৰক্তক্ষৰণ হোৱা বুলি তেওঁ দাবী কৰে।

বিকাশ অসমে কয়, আৰক্ষী-প্ৰশাসনে ঘটনাটোক দুৰ্ঘটনা বুলি ধৰি ল’লে সেই সিদ্ধান্তৰ ভিত্তি স্পষ্ট কৰিব লাগে। তেওঁ শিৱসাগৰৰ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াক বিষয়টো ব্যক্তিগতভাৱে চাবলৈ অনুৰোধ জনোৱাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ আৰু উচ্চস্তৰীয় তদন্ত বিচাৰে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *