জামুগুৰিহাটত পিছফালৰ পৰা খুন্দা, কেইজন আহত

 জামুগুৰিহাটৰ কুসুমটোলাত ভয়ংকৰ পথ দুৰ্ঘটনাI এখন গাড়ীক পিছফালৰ পৰা আন এখন গাড়ীয়ে খুন্দা মৰাৰ ঘটনাত কেইবাজনো লোক আহত হয় ।

গাড়ীচালকগৰাকীৰ ভাষ্য অনুসৰি, তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়লৈ পৰীক্ষা দিবলৈ অহা এগৰাকী ছাত্ৰী আৰু তেওঁৰ চাৰিগৰাকী সংগীক আনিবলৈ আহিছিল। ছাত্ৰীজনী অহালৈকে তেওঁ গাড়ীখন ৰখাই অপেক্ষা কৰি আছিল বুলি জনাই।

সেই সময়তে পিছফালৰ পৰা এখন গাড়ীয়ে জোৰেৰে খুন্দা মাৰে বুলি তেওঁ অভিযোগ কৰে। খুন্দাৰ পিছত তেওঁৰ গাড়ীখন এফালে পৰি যায় বুলিও জানিবলৈ দিয়ে।

তেওঁৰ গাড়ীখনত ডাঙৰ ক্ষতি বা গুৰুতৰ আঘাত হোৱা নাই বুলি গাড়ীচালকগৰাকীয়ে জনাই। অৱশ্যে পিছফালে থকা এগৰাকী ছাত্ৰীৰ সামান্য আঘাত লাগে বুলি তেওঁ উল্লেখ কৰে।


Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *