নাজিৰাৰ বানপীড়িত শিক্ষাৰ্থীক চেনাৰামৰ প্ৰাক্তন ছাত্ৰৰ সহায়

তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে আজি শিৱসাগৰ জিলাৰ নাজিৰা অঞ্চলৰ কেইবাখনো বানবিধ্বস্ত বিদ্যালয়ত উপস্থিত হৈ পাঁচ শতাধিক শিক্ষাৰ্থীক একোটাকৈ স্কুলকিট বিতৰণ কৰে । বেগ, বহী, আৰ্ট কৰা বহী, ৰং পেঞ্চিল, কলম, 

কাঠপেঞ্চিল, ৰবৰ, শ্বাৰ্পনাৰ টেবুল ইত্যাদি শিকণ-শিক্ষণ সজুলি থকা স্কুলকিটটো বিতৰণৰ কালচোৱাত শিৱসাগৰ জিলা শিক্ষা বিভাগৰ CSSR বিষয়া মীনাক্ষী চেতিয়া, মৌচুমী সভাপণ্ডিত আৰু সংগীতা গগৈয়ে সন্মিলনীক সহযোগিতা আগবঢ়ায় । চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সমন্বয়ক প্ৰাঞ্জল প্ৰতীম দত্তই জানিবলৈ দিয়া অনুসৰি সন্মিলনীয়ে আজি বানবিধস্ত নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত জয়খামদাং মলাগাঁও মধ্য ইংৰাজী বিদ্যালয়, মাদুৰি জ্যেষ্ঠ বুনিয়াদী বিদ্যালয়, জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়, নৱজ্যোতি নামদাং উচ্চ মাধ্যমিক বিদ্যালয়, খটখটি মধ্য ইংৰাজী বিদ্যালয়, বৰাখোৱা মধ্য ইংৰাজী বিদ্যালয়, বৰাখোৱা প্ৰাথমিক বিদ্যালয়, ৩৪১ নং লক্ষিমী পুখুৰী প্ৰাথমিক বিদ্যালয় আৰু নমাটি চূণপুৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত স্কুলকিট বিতৰণ কৰা হয় ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *