গোলকগঞ্জৰ বৰুণডাঙ্গা প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চনাৰ অভিযোগ

গোলকগঞ্জৰ ২৩৩০ নং বৰুণডাঙ্গা প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰাৰ অভিযোগ। ঘটনাটোৰ তৎকালীন তদন্ত আৰু দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী  ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।

সংগঠনটোৰ অভিযোগ, স্কুলখনত বহুদিন ধৰি মধ্যাহ্ন ভোজন নিয়মীয়াকৈ দিয়া হোৱা নাই। বিদ্যালয়খনৰ শিক্ষকজনো সময়মতে উপস্থিত নাথাকে। স্থানীয় লোকেও বিষয়টো আগতে অৱগত কৰিছিল বুলি জনাইছে সংগঠনটোৱে।

 মধ্যাহ্ন ভোজনৰ চাউল আৰু ছাত্ৰ-ছাত্ৰীৰ নামত অহা ধন ক’লৈ যায় ?, প্ৰধান শিক্ষকৰ দ্বাৰা এক ‘চিণ্ডিকেট’ চলাই থকাৰ সন্দেহ প্ৰকাশ কৰি সেই বিষয়েও তদন্তৰ দাবী তুলিছে সংগঠনটোৱে।

সংগঠনটোৰ মতে, খাদ্য নোপোৱাৰ বাবেই শিশুসকলে ‘আমাক ভাত দিয়ক’ বুলি প্ৰতিবাদ কৰিছে। শিশুসকলৰ ভৱিষ্যত যাতে ক্ষতিগ্ৰস্ত নহয়, তাৰ বাবে বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ আহ্বান জনাইছে।

সংগঠনটোৱে আয়ুক্ত মহোদয় আৰু শিক্ষামন্ত্ৰীক অতি সোনকালে তদন্ত কৰি শিক্ষকজনৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে। লগতে জিলা জুৰি মধ্যাহ্ন ভোজন আঁচনিত কোনো অনিয়ম আছে নেকি, সেয়াও তদন্ত কৰাৰ দাবী জনাইছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *