শিৱসাগৰ: বানপীড়িত লোকক সহায় কৰি অহা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ ৰাজ্য চৰকাৰে উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত অসম আৰক্ষীয়ে ঘটনাটোক গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে।
শেহতীয়া বানৰ সময়ত বানপীড়িত লোকসকলৰ কাষত থিয় দিয়া মানসজ্যোতি চেতিয়া আছিল বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিকৰ সভাপতি। তেওঁৰ মৃত্যুৰ পাছত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ঘটনাটোৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে কঠোৰ তদন্তৰ নিৰ্দেশ দিছে।
ঘটনাস্থলীত আৰক্ষী অধীক্ষক
শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই নিজে ঘটনাস্থলীত উপস্থিত থাকি তদন্ত প্ৰক্ৰিয়া তদাৰক কৰি আছে। ঘটনাটোৰ প্ৰতিটো দিশ পৰীক্ষা কৰি প্ৰকৃত তথ্য পোহৰলৈ অনাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
DGPৰ প’ষ্টত গোচৰৰ তথ্য
DGPৰ অফিচিয়েল প’ষ্টত প্ৰকাশ পোৱা তথ্য অনুসৰি, ঘটনা সন্দৰ্ভত বিহুবৰ আৰক্ষী থানাত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে। Bihubar PS Case No. 10/26 নম্বৰৰ গোচৰটো নতুন ভাৰতীয় ন্যায় সংহিতা BNSৰ ১০৩(১)/৩(৫) ধাৰাত ৰুজু কৰা হৈছে।
প্ৰকৃত সত্য উদঘাটনৰ চেষ্টা
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অধিক তৎপৰ কৰি তুলিছে। ঘটনাটোৰ সৈতে জড়িত সকলো তথ্য আৰু পৰিস্থিতি পৰীক্ষা কৰি মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ প্ৰকৃত সত্য উদঘাটনৰ চেষ্টা চলাইছে আৰক্ষীয়ে।
উচ্চস্তৰীয় তদন্তৰ জৰিয়তে ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু জড়িত পক্ষৰ সম্পৰ্কে স্পষ্ট তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
এই তদন্তৰ পাছত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ প্ৰকৃত ৰহস্য কিমান সোনকালে পোহৰলৈ আহে, সেয়া এতিয়া লক্ষণীয়।
