বাংলাদেশত পুনৰ হিন্দু পৰিয়ালক হত্যা, একেটা পৰিয়ালৰ ৪জনক হত্যা

বাংলাদেশৰ ৰংপুৰত একেটা হিন্দু পৰিয়ালৰ চাৰিজন সদস্যক হত্যাৰ অভিযোগক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ প্ৰতিবাদত বাংলাদেশ নেচনেল হিন্দু মহাজোটে ঢাকাৰ নেচনেল প্ৰেছ ক্লাবৰ সন্মুখত মানৱ শৃংখল আৰু প্ৰতিবাদী সমদল উলিয়ায়।

সংগঠনটোৱে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, অৱসৰপ্ৰাপ্ত শিক্ষক গণপতি চক্ৰৱৰ্তী, তেওঁৰ পত্নী প্ৰীতিলতা চক্ৰৱৰ্তী, কন্যা আগমী চক্ৰৱৰ্তী আৰু পুত্ৰ আয়ুষ চক্ৰৱৰ্তীক নৃশংসভাৱে হত্যা কৰা হৈছে। ২৬ আগষ্টত পুৱা ১১ বজাত ঢাকাৰ নেচনেল প্ৰেছ ক্লাবৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। হিন্দু মহাজোটৰ সভাপতি অধিবক্তা দিনবন্ধু ৰায়ে কাৰ্যসূচীত সভাপতিত্ব কৰে। সংগঠনটোৱে অভিযোগ কৰে যে ঘটনাৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক লৈ সন্দেহৰ সৃষ্টি হৈছে। প্ৰকৃত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে আৰক্ষীয়ে ঘটনাটোক লৈ বিভিন্ন ধৰণৰ ব্যাখ্যা আগবঢ়াইছে বুলি সংগঠনটোৱে দাবী কৰে।

প্ৰেছ বিজ্ঞপ্তিত হিন্দু মহাজোটে দাবী কৰে যে দেশখনৰ বিভিন্ন স্থানত হিন্দু সম্প্ৰদায়ৰ লোক আক্ৰমণ, অগ্নিসংযোগ, হত্যা, অপহৰণ, ভূমি দখল আৰু মন্দিৰত আক্ৰমণৰ দৰে ঘটনাৰ সন্মুখীন হৈ আহিছে। সংগঠনটোৱে লগতে দাবী কৰে যে শেহতীয়া কেইটামান দিনত দেশৰ বিভিন্ন প্ৰান্তত ৩৩জন হিন্দু লোক নিহত হৈছে। অৱশ্যে, এই সংখ্যাৰ স্বতন্ত্ৰ চৰকাৰী নিশ্চিতি প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ কৰা হোৱা নাই। ইফালে, গাজীপুৰত দীপু দাস নামৰ এজন লোকক ৰাজহুৱাভাৱে গছত ওলোমাই হত্যা কৰি জ্বলাই দিয়াৰ অভিযোগৰ কথাও সংগঠনটোৱে উত্থাপন কৰে।

গণপতি চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালৰ হত্যাকাণ্ডক সংগঠনটোৱে অতি নৃশংস ঘটনা বুলি অভিহিত কৰে। তেওঁলোকৰ দাবী, ঘটনাটোৰ প্ৰকৃত অভিযুক্তসকলক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে।। হিন্দু মহাজোটে চৰকাৰক **২৪ ঘণ্টাৰ ভিতৰত প্ৰকৃত অভিযুক্তক গ্ৰেপ্তাৰ কৰি আইনৰ সন্মুখলৈ অনাৰ দাবী জনাইছে। অন্যথা দেশখনৰ সকলো জিলা আৰু উপ-জিলাত মানৱ শৃংখল আৰু প্ৰতিবাদী সমদল অনুষ্ঠিত কৰাৰ হুংকাৰ দিছে সংগঠনটোৱে। এই ঘটনাক কেন্দ্ৰ কৰি বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ সুৰক্ষা আৰু আইন-শৃংখলা পৰিস্থিতিক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *