গুৱাহাটী: ৰাজ্যত পুনৰ সক্ৰিয় হৈছে বতৰ। আজি অসমৰ কেইবাখনো জিলাত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
ৰাজ্যৰ মুঠ ২২খন জিলাত জাৰি কৰা হৈছে Yellow Alert। এই জিলাসমূহত দুই-এঠাইত বিজুলী-ঢেৰেকনিসহ বজ্ৰপাতৰ সম্ভাৱনাও আছে।
১১খন জিলাত বৰষুণৰ সম্ভাৱনা
নগাঁও, মৰিগাঁও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত বৰষুণৰ সম্ভাৱনা আছে।
ইয়াৰ উপৰি শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ আৰু ধেমাজিতো বৰষুণ হ’ব পাৰে।
এই জিলাসমূহৰ দুই-এঠাইত বৰষুণৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
২২খন জিলাত Yellow Alert
কামৰূপ, কামৰূপ মহানগৰ, দৰং, মৰিগাঁও, নগাঁও আৰু পশ্চিম কাৰ্বি আংলঙত সতৰ্কতা জাৰি কৰা হৈছে।
ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, হোজাই আৰু কাৰ্বি আংলঙতো Yellow Alert আছে।
গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াতো সতৰ্কতা জাৰি কৰা হৈছে।
ধেমাজি আৰু লখিমপুৰ জিলাতো আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
বজ্ৰপাতৰ সম্ভাৱনা
Yellow Alert জাৰি কৰা জিলাসমূহৰ দুই-এঠাইত বিজুলী-ঢেৰেকনিসহ বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।
ক’ত নাই সতৰ্কবাণী?
দক্ষিণ শালমাৰা-মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ আৰু চিৰাং জিলাত কোনো সতৰ্কবাণী নাই।
গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, বাক্সা আৰু তামুলপুৰতো কোনো সতৰ্কতা জাৰি কৰা হোৱা নাই।
ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ আৰু নলবাৰী জিলাতো বৰ্তমান কোনো সতৰ্কবাণী নাই।
