নতুন দিল্লী: বিশ্বজুৰি আমেৰিকাৰ ভিছা আবেদনকাৰীৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত কৰিছে ডোনাল্ড ট্ৰাম্প প্ৰশাসনে।
বিশ্বৰ বিভিন্ন দেশত থকা মার্কিন দূতাবাস আৰু উপদূতাবাসসমূহক ভিছা সাক্ষাৎকাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।
মার্কিন বিদেশ দপ্তৰৰ নিৰ্দেশনা অনুসৰি, এই স্থগিতাদেশ সকলো দেশৰ ভিছা আবেদনকাৰীৰ ক্ষেত্ৰতে প্ৰযোজ্য।
কিয় স্থগিত কৰা হৈছে ভিছা সাক্ষাৎকাৰ?
মার্কিন বিদেশ দপ্তৰে ভিছা যাচাইৰ দায়িত্বত থকা বিষয়াসকলৰ বাবে বিশ্বব্যাপী প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে।
এই প্ৰশিক্ষণ চলি থকাৰ সময়ছোৱাত ভিছা সাক্ষাৎকাৰ প্ৰক্ৰিয়া স্থগিত ৰখা হ’ব বুলি জানোৱা হৈছে।
প্ৰশিক্ষণৰ সৈতে সামঞ্জস্য ৰাখি পৰৱৰ্তী সাক্ষাৎকাৰৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব বুলি বিদেশ দপ্তৰে প্ৰকাশ কৰিছে।
অৱশ্যে কেতিয়াৰ পৰা পুনৰ সাক্ষাৎকাৰ আৰম্ভ হ’ব, সেই বিষয়ে এতিয়াও কোনো নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা হোৱা নাই।
আবেদনকাৰীলৈ ই-মেইল প্ৰেৰণ
মার্কিন দূতাবাস আৰু উপদূতাবাসসমূহে ইতিমধ্যে বহু ভিছা আবেদনকাৰীলৈ ই-মেইল প্ৰেৰণ কৰিছে।
ই-মেইলযোগে সাক্ষাৎকাৰ স্থগিত কৰাৰ কথা জনোৱাৰ লগতে নতুন তাৰিখ পিছত জনোৱা হ’ব বুলি কোৱা হৈছে।
ফলত ইতিমধ্যে সাক্ষাৎকাৰৰ বাবে অপেক্ষা কৰি থকা আবেদনকাৰীসকলৰ অনিশ্চয়তা বৃদ্ধি পাইছে।
ভিছা যাচাই অধিক কঠোৰ কৰাৰ প্ৰস্তুতি
মার্কিন প্ৰশাসনে প্ৰতিটো ভিছা আবেদন অধিক পুংখানুপুংখভাৱে মূল্যায়ন কৰাৰ ওপৰত গুৰুত্ব দিছে।
আবেদনকাৰীৰ আমেৰিকালৈ যোৱাৰ উদ্দেশ্য আৰু দেশখনৰ ওপৰত সম্ভাব্য নিৰ্ভৰশীলতাৰ বিষয়সমূহো পৰীক্ষা কৰা হ’ব।
ভিছা পৰীক্ষা কৰা বিষয়াসকলে যাতে এই মূল্যায়ন সঠিকভাৱে কৰিব পাৰে, তাৰ বাবেই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।
ট্ৰাম্পৰ অভিবাসন নীতিত কঠোৰতা
দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ পাছত ডোনাল্ড ট্ৰাম্পে অভিবাসন নীতিত পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছিল।
ইয়াৰ পাছত ভিছা আবেদনকাৰীৰ সামাজিক মাধ্যমৰ ইতিহাস অধিক কঠোৰভাৱে পৰীক্ষা কৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ইয়াৰ উপৰি কিছুমান ক্ষেত্ৰত ব্যয়বহুল ভিছা বণ্ড আৰু নিৰ্দিষ্ট দেশৰ নাগৰিকৰ ওপৰত ভিছা নিষেধাজ্ঞাও আৰোপ কৰা হৈছে।
ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ স্বাৰ্থৰ সৈতে আপোচ নকৰাৰ নীতি অব্যাহত ৰখাৰ কথা স্পষ্ট কৰিছে।
