নেপালত ভয়ংকৰ বান আৰু প্ৰাকৃতিক দুৰ্যোগৰ মাজতে বানপীড়িত লোকসকলৰ সহায়ৰ বাবে ভাৰতীয় বায়ুসেনাই বৃহৎ পৰিমাণৰ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে।
ঘাজিয়াবাদৰ হিন্দন এয়াৰ ফ’ৰ্চ ষ্টেচনৰ পৰা C-17 Globemaster বিমানেৰে নেপাললৈ প্ৰেৰণ কৰা হৈছে প্ৰায় ৩০ৰ পৰা ৪০ টন সাহায্য সামগ্ৰী। ইয়াৰ ভিতৰত আছে চিকিৎসা সামগ্ৰী, ঔষধ আৰু National Disaster Response Force (NDRF)-ৰ প্ৰয়োজনীয় সামগ্ৰী।
C-17 বিমানখনৰ কমাণ্ডাৰ কেপ্টেইন এল. নায়কে জানিবলৈ দিয়া অনুসৰি, বিমানখনৰ নেপাললৈ উৰণৰ সময় প্ৰায় ১ ঘণ্টা ১৫ মিনিট। পুৱা ৯:৩০ বজাত উৰা মাৰি প্ৰায় ১০:৪৫ বজাত কাঠমাণ্ডুত অৱতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।
বিমানখনত পৰ্যাপ্ত ইন্ধন মজুত ৰখা হৈছে, যাতে প্ৰয়োজন হ’লে আকাশত ১ৰ পৰা ১.৫ ঘণ্টা পৰ্যন্ত অপেক্ষা কৰিব পাৰে।
যদি বতৰ বা অন্য কোনো কাৰণত নেপালত অৱতৰণ কৰাত দীঘলীয়া বিলম্ব হয়, তেন্তে বিকল্প ব্যৱস্থাও সাজু কৰি ৰখা হৈছে। ভাৰতৰ ভিতৰত দুটা বায়ুসেনা ঘাটিক বিকল্প অৱতৰণস্থল হিচাপে নিৰ্ধাৰণ কৰা হৈছে।
ইফালে, হিন্দন এয়াৰ ফ’ৰ্চ ষ্টেচনৰ Air Officer Commanding এয়াৰ কমোডৰ আৰ. ধোবালে কয় যে এনে জৰুৰী পৰিস্থিতিৰ বাবে ভাৰতীয় বায়ুসেনা সদায় সাজু থাকে।
তেওঁৰ মতে, পৰিস্থিতিৰ খবৰ লাভ কৰাৰ পাছতেই C-130J Hercules বিমানখন জৰুৰীভাৱে সাজু কৰা হয়। বিমানখনত সাহায্য সামগ্ৰী, ঔষধ আৰু জেনেৰেটৰ ভৰ্তি কৰা হৈছিল।
অসামৰিক প্ৰশাসন আৰু NDRFৰ সহযোগত এই প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পাছত বিমানখন নিশা প্ৰায় ৮:৩০ বজাত উৰা মাৰে আৰু প্ৰায় দুঘণ্টাৰ ভিতৰত নেপালত অৱতৰণ কৰে।
C-130J বিমানখনে নেপাললৈ প্ৰায় ১০ টন সাহায্য সামগ্ৰী লৈ গৈছিল বুলি এয়াৰ কমোডৰ ধোবালে জানিবলৈ দিয়ে।
ভাৰতীয় বায়ুসেনাই কেৱল দেশৰ ভিতৰতে নহয়, প্ৰয়োজন অনুসৰি চুবুৰীয়া দেশসমূহতো মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অভিযান চলাই আহিছে।
নেপালৰ উপৰি ম্যানমাৰ আৰু শ্ৰীলংকাতো ভাৰতীয় বায়ুসেনাই পূৰ্বে সাহায্য অভিযান চলাইছে বুলি তেওঁ উল্লেখ কৰে। শেহতীয়াকৈ ভেনিজুৱেলাতো ভাৰতীয় বায়ুসেনাই এটা সাহায্য অভিযান চলাইছিল।
বৰ্তমান নেপালৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বায়ুসেনাই পৰৱৰ্তী সাহায্য অভিযানৰ বাবেও নিজকে সম্পূৰ্ণৰূপে সাজু কৰি ৰাখিছে।
এটা বিমান ইতিমধ্যে নেপাললৈ প্ৰেৰণ কৰা হৈছে আৰু C-17 Globemaster বিমানখনো বৃহৎ পৰিমাণৰ সাহায্য সামগ্ৰী লৈ যাত্ৰা কৰাৰ বাবে সাজু কৰা হৈছে।
নেপালৰ বানপীড়িত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান চলি থকাৰ সময়ত ভাৰতীয় বায়ুসেনাৰ এই মানৱীয় সহায় দুয়োখন দেশৰ মাজৰ সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ নিদৰ্শন হিচাপে বিবেচিত হৈছে।
