মানস চেতিয়াৰ মৃত্যুৰ মুল অভিযুক্ত মুজাম্মিলৰ বিৰুদ্ধে আন এক ভয়ংকৰ অভিযোগ শৃংখলৰ

শিৱসাগৰৰ এক ঘটনাক লৈ মূল অভিযুক্ত বুলি উল্লেখ কৰা মুজামিল ইছলামক তৎক্ষণাৎ গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে শৃংখলে। তেওঁ মুজামিলৰ বিৰুদ্ধে শ্লিপাৰ চেল চলোৱাৰ অভিযোগ তুলি কঠোৰ ব্যৱস্থা লোৱাৰ দাবী কৰে।

 শৃংখলে মুখ্যমন্ত্ৰী, অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু শিৱসাগৰৰ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াক ধন্যবাদ জনায়।  ঘটনাটোৰ সৈতে জড়িত ৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

শৃংখলে কয়, মুজামিল ইছলামৰ বিৰুদ্ধে তেওঁলোকে FIR দাখিল কৰিছে। তেওঁৰ দাবী, মুজামিলে শিৱসাগৰত জিহাদী শ্লিপাৰ চেল চলোৱাৰ বিষয়ে বহু লোকে ফোনযোগে তেওঁলোকক জনাইছে।

তেওঁ লগতে অভিযোগ কৰে যে, মুজামিলে সামাজিক মাধ্যমত জাতীয় সংগঠনসমূহৰ বিৰুদ্ধে আপত্তিজনক কথা লিখে। মুজামিল বিভিন্ন অপৰাধজনিত কাৰবাৰৰ সৈতেও জড়িত বুলি শৃংখলে অভিযোগ কৰিছে।

এই অভিযোগসমূহৰ ভিত্তিত মুজামিলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে এনকাউণ্টাৰ কৰাৰো দাবী জনায় শৃংখলে। অৱশ্যে ভিডিঅ’ত উত্থাপিত অভিযোগসমূহৰ বিষয়ে মুজামিল ইছলাম বা আৰক্ষীৰ কোনো প্ৰতিক্ৰিয়া পোৱা নগ’ল।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *