যদি আজি দেশত লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে পুনৰ কেন্দ্ৰত NDA চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে। India Today আৰু C-Voterৰ Mood of the Nation (MOTN) সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে।
সমীক্ষা অনুসৰি, ৫৪৩খন লোকসভা আসনৰ ভিতৰত NDA-ই ৩২৬খন আসন লাভ কৰিব পাৰে। ইয়াৰ বিপৰীতে INDIA ব্লকে ১৮৫খন আৰু অন্যান্য দলসমূহে ৩২খন আসন লাভ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। ভোটৰ শতাংশৰ হিচাপতো NDA আগবাঢ়ি আছে। সমীক্ষাত NDA-ই ৪৫ শতাংশ, INDIA ব্লকে ৩৯ শতাংশ আৰু অন্যান্য দলসমূহে ১৬ শতাংশ ভোট লাভ কৰিব পাৰে বুলি অনুমান কৰা হৈছে।
BJP একক বৃহত্তম দল হোৱাৰ সম্ভাৱনা
সমীক্ষাৰ ফলাফল অনুসৰি, BJP-ই অকলে ২৬১খন আসন লাভ কৰিব পাৰে। আনহাতে, Congress-এ ১০৬খন আসন আৰু অন্যান্য দলসমূহে মুঠ ১৭৬খন আসন লাভ কৰিব পাৰে বুলি সমীক্ষাত অনুমান কৰা হৈছে। এই সমীক্ষাটো ১ জুলাইৰ পৰা ২৫ আগষ্টলৈ দেশৰ বিভিন্ন ৰাজ্য আৰু লোকসভা সমষ্টিত কৰা মতামতৰ ওপৰত আধাৰিত। বিভিন্ন বয়স, জাতি, ধৰ্ম আৰু লিংগৰ ২৫,১৮৪জন প্ৰাপ্তবয়স্কৰ মতামত সংগ্ৰহ কৰা হৈছিল।
উত্তৰ প্ৰদেশত NDA আৰু INDIAৰ মাজত হাড্ডাহাড্ডি
দেশৰ ৰাজনীতিত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজ্য উত্তৰ প্ৰদেশতো NDA সামান্য আগবাঢ়ি আছে। সমীক্ষা অনুসৰি, উত্তৰ প্ৰদেশত NDA-ই ৪২ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে। INDIA ব্লকে লাভ কৰিব পাৰে ৪০ শতাংশ ভোট। আসনৰ হিচাপত INDIA ব্লকে ৪১খন আৰু NDA-ই ৩৮খন আসন লাভ কৰিব পাৰে বুলি অনুমান কৰা হৈছে।
মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত NDAৰ অগ্ৰগতি
মহাৰাষ্ট্ৰত NDA-ই ৪৯ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। INDIA ব্লকে ৪৩ শতাংশ ভোট লাভ কৰিব পাৰে। আসনৰ হিচাপত মহাৰাষ্ট্ৰত NDA-ই ৩১খন আৰু INDIA ব্লকে ১৭খন আসন লাভ কৰিব পাৰে বুলি সমীক্ষাত অনুমান কৰা হৈছে।
পশ্চিমবংগত NDAৰ বাবে আৰু অধিক ইতিবাচক ছবি দেখা গৈছে। সমীক্ষা অনুসৰি, NDA-ই ৪৬ শতাংশ ভোট লাভ কৰিব পাৰে।
INDIA ব্লকৰ ভোটৰ অংশ ১১ শতাংশ হ’ব পাৰে বুলি অনুমান কৰা হৈছে। আসনৰ হিচাপত NDA-ই ৩৫খন আৰু INDIA ব্লকে ৭খন আসন লাভ কৰিব পাৰে বুলি সমীক্ষাত কোৱা হৈছে।
পঞ্জাবত INDIA ব্লকৰ অগ্ৰগতি
পঞ্জাবত অৱশ্যে ছবিখন পৃথক। সমীক্ষা অনুসৰি, INDIA ব্লকে ২৫ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে। NDA-ই ১৬ শতাংশ ভোট লাভ কৰিব পাৰে বুলি অনুমান কৰা হৈছে। আসনৰ হিচাপত INDIA ব্লকে ১১খন আৰু NDA-ই এখন আসন লাভ কৰিব পাৰে।
প্ৰধানমন্ত্ৰী হিচাপে মোদীয়েই প্ৰথম পছন্দ
সমীক্ষাত পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে দেশবাসীৰ পছন্দৰ বিষয়টোও সোধা হৈছিল। ইয়াত ৪৯ শতাংশ লোকেই নৰেন্দ্ৰ মোদীক পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে পছন্দ কৰিছে। আনহাতে, ৰাহুল গান্ধীয়ে ২৭ শতাংশ সমৰ্থন লাভ কৰিছে।
মোদী চৰকাৰৰ কাম-কাজক লৈ জনমত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম-কাজক লৈও সমীক্ষাত জনমত প্ৰকাশ পাইছে। ৫১ শতাংশ লোক মোদীৰ কাম-কাজত সন্তুষ্ট বুলি জানিবলৈ দিছে। ১৭ শতাংশই তেওঁৰ কাম-কাজক গড় মানৰ বুলি অভিহিত কৰিছে।
আনহাতে, ২৭ শতাংশ লোকে মোদীৰ কাম-কাজক সমৰ্থন কৰা নাই আৰু ইয়াক দুৰ্বল বুলি অভিহিত কৰিছে।
‘এক দেশ, এক নিৰ্বাচন’লৈ ব্যাপক সমৰ্থন
সমীক্ষাত ‘এক দেশ, এক নিৰ্বাচন’ বিষয়টোতো জনমত সংগ্ৰহ কৰা হৈছিল। ইয়াত ৭০ শতাংশ লোকে এক দেশ, এক নিৰ্বাচনৰ সমৰ্থন কৰিছে। বিপৰীতে ২৪ শতাংশই এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছে।
উল্লেখ্য যে, MOTN সমীক্ষাৰ এই ফলাফল কোনো নিৰ্বাচনী ফলাফল নহয়। ই কেৱল নিৰ্বাচন আজি অনুষ্ঠিত হ’লে জনমত আৰু সম্ভাব্য আসন-বণ্টন কেনে হ’ব পাৰে, তাৰ এক সমীক্ষাভিত্তিক অনুমান।
