এতিয়াও প্ৰধানমন্ত্ৰী হিচাপে মোদীয়েই প্ৰথম পছন্দ ,ৰাহুল গান্ধীত কৈ ২২ শতাংশ অধিক নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা...

India Today আৰু C-Voterৰ শেহতীয়া Mood of the Nation বা MOTN সমীক্ষাত প্ৰধানমন্ত্ৰী পদৰ বাবে নৰেন্দ্ৰ মোদীয়েই দেশবাসীৰ প্ৰথম পছন্দ হিচাপে আগবাঢ়ি আছে। সমীক্ষা অনুসৰি, ৪৯ শতাংশ লোকে নৰেন্দ্ৰ মোদীক পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে পছন্দ কৰিছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধী দ্বিতীয় স্থানত আছে। তেওঁ ২৭ শতাংশ লোকৰ সমৰ্থন লাভ কৰিছে। অৰ্থাৎ প্ৰধানমন্ত্ৰী পদৰ পছন্দৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ মাজত ২২ শতাংশৰ ব্যৱধান দেখা গৈছে।

তৃতীয় স্থানত চি. জোছেফ বিজয়

সমীক্ষাৰ অন্যতম চৰ্চিত তথ্য হৈছে তৃতীয় স্থানত তামিলনাডুৰ চি. জোছেফ বিজয়ৰ নাম। তেওঁ ৯ শতাংশ সমৰ্থন লাভ কৰি তৃতীয় স্থান দখল কৰিছে সমীক্ষাত।

MOTN সমীক্ষাৰ ফলাফল অনুসৰি, ৰাষ্ট্ৰীয় ৰাজনীতিত নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ পিছত বিজয়েও প্ৰধানমন্ত্ৰী পদৰ সম্ভাব্য পছন্দ হিচাপে স্থান লাভ কৰিছে।

মোদী চৰকাৰৰ কাম-কাজক লৈ জনমত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম-কাজক লৈও সমীক্ষাত জনমত প্ৰকাশ পাইছে। ৫১ শতাংশ লোক মোদীৰ কাম-কাজত সন্তুষ্ট বুলি জানিবলৈ দিছে। ১৭ শতাংশই তেওঁৰ কাম-কাজক গড় মানৰ বুলি অভিহিত কৰিছে।

আনহাতে, ২৭ শতাংশ লোকে মোদীৰ কাম-কাজক সমৰ্থন কৰা নাই আৰু ইয়াক দুৰ্বল বুলি অভিহিত কৰিছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *