সংৰক্ষণৰ ক্ষেত্ৰত ৫০ শতাংশৰ সীমা উঠাবলৈ কংগ্ৰেছ দৃঢ়প্ৰতিজ্ঞ বুলি কংগ্ৰেছ নেতা ভূপেশ বাঘেলে মন্তব্য কৰিছে।
বাঘেলে কয়, সংৰক্ষণক লৈ অবিৰত আন্দোলন চলি আছে। আনহাতে সংৰক্ষণ উঠাই দিয়াৰ দাবীও উত্থাপিত হৈছে বুলি তেওঁ উল্লেখ কৰে।
ব্যক্তিগত খণ্ডতো সংৰক্ষণৰ দাবী উঠি থকা বুলি বাঘেলে কয়। সংবিধানত যি ব্যৱস্থা আছে, কংগ্ৰেছ তাৰ সপক্ষত আছে বুলিও তেওঁৰ মন্তব্য।
ৰাহুল গান্ধীয়ে ৫০ শতাংশৰ সীমা উঠাই দিয়াৰ কথা স্পষ্টকৈ কৈছে বুলি বাঘেলে উল্লেখ কৰে। কংগ্ৰেছ চৰকাৰ গঠন হ’লে এই সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ দাবী কৰে।
