কংগনা ৰাণাউটলৈ উপহাৰ-মিঠাই পঠালে বাবা ৰামদেৱে

বিজেপি সাংসদ কংগনা ৰাণাউটলৈ উপহাৰ আৰু মিঠাই পঠিওৱাৰ কথা জনাইছে যোগগুৰু বাবা ৰামদেৱে। লগতে, দুয়োৰে মাজত সৃষ্টি হোৱা বিতৰ্ক এতিয়া শেষ বুলি তেওঁ মন্তব্য কৰে।

এটা ভিডিঅ’ বাৰ্তাত বাবা ৰামদেৱে কয়, কংগনা ৰাণাউটৰ বাবে উপহাৰ আৰু মিঠাই ডাকযোগে পঠিওৱা হৈছে। দেশত কোনো কাৰণতে ঘৃণা থাকিব নালাগে আৰু এজনে আনজনৰ প্ৰতি বৈৰভাব পোষণ কৰিব নালাগে বুলিও তেওঁ কয়।

তেওঁৰ মতে, কিছুদিন পূৰ্বে তেওঁ আৰু কংগনা ৰাণাউটৰ মাজত বিতৰ্কৰ কথা উঠিছিল। কিন্তু কোনো বিতৰ্ক নাছিল বুলি দাবী কৰি সংবাদমাধ্যমৰ জৰিয়তে সেই বিষয়টো শেষ কৰিবলৈ আহ্বান জনায় বাবা ৰামদেৱে।

বাবা ৰামদেৱে কয় যে তেওঁ কংগনা ৰাণাউটক ফোন কৰিছিল আৰু ৰাখী বন্ধনৰ শুভেচ্ছা জনাইছিল।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *