মাকুমৰ লাংকাচী অঞ্চলত মাকুম-দুলীয়াজান সংযোগী পথ মেৰামতিৰ দাবীত স্থানীয় ৰাইজে অইলৰ যান-বাহন চলাচল বন্ধ কৰিছে।
পথ অৱৰোধত অংশ লোৱা ৰাইজৰ অভিযোগ, পথটোৰ বিভিন্ন ঠাইত ডাঙৰ গাঁত সৃষ্টি হোৱাত গধুৰ যান-বাহন চলাচল কৰিব নোৱাৰে। সৰু গাড়ী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ যাতায়াতকাৰীসকলেও সমস্যাৰ সন্মুখীন হৈছে বুলি তেওঁলোকে জনাইছে।
পথ নিৰ্মাণৰ কাম নিম্নমানৰ হোৱা বুলি অভিযোগ তুলি আন্দোলনকাৰীসকলে কয় যে, কাম শেষ হোৱাৰ পাছৰ পৰাই পথটোৰ অৱস্থা বেয়া হৈ আহিছে। এগৰাকী শিক্ষয়ত্ৰী গাঁতত পৰি আঘাত পোৱাৰ ঘটনাও তেওঁলোকে উল্লেখ কৰিছে।
লাংকাচী অঞ্চলৰ ৰাইজ আৰু স্থানীয় যুৱ সংঘসমূহে চৰকাৰ, প্ৰশাসন আৰু অইল কৰ্তৃপক্ষৰ ওচৰত পথটো শীঘ্ৰে চলাচল উপযোগী কৰি তোলাৰ দাবী জনাইছে। এই পথেৰে অইলৰ গধুৰ যান-বাহন নিয়মীয়াকৈ চলাচল কৰে বুলিও অভিযোগ উত্থাপন হৈছে।
ৰাতিপুৱাৰ পৰা যান-বাহন বন্ধ কৰি প্ৰতিবাদ চলাই থকা হৈছে। পথটো ভাল অৱস্থালৈ নাহিলে অইলৰ যান-বাহন বন্ধৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি আন্দোলনকাৰীসকলে সকীয়াইছে। এতিয়ালৈকে অইলৰ কোনো কৰ্তৃপক্ষ প্ৰতিবাদস্থলত উপস্থিত হোৱা নাই বুলিও তেওঁলোকৰ অভিযোগ।
