জুবিন গাৰ্গক লৈ চলি থকা ন্যায়িক প্ৰক্ৰিয়াত এইবাৰ তেওঁৰ ঘনিষ্ঠ বন্ধু হৰেশ্বৰ মহন্তৰ সাক্ষ্যত পোহৰলৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য। সাক্ষ্য অনুসৰি, জুবিন গাৰ্গে ব্যক্তিগতভাৱে সামাজিক কাম বা কোনো লোকক সহায় কৰাৰ সিদ্ধান্ত নিজেই লৈছিল যদিও তেওঁৰ পেছাদাৰী কাম-কাজ, অনুষ্ঠান, সময়সূচী আদি বিষয়ত সিদ্ধান্ত লোৱাৰ দায়িত্ব মূলতঃ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছিল।
সাক্ষ্যত কোৱা হয় যে জুবিন গাৰ্গে নিজৰ সকলো সিদ্ধান্ত নিজেই লোৱা আৰু আন কাৰো কথা নুশুনা বুলি প্ৰতিষ্ঠা কৰিবলৈ অমৃত প্ৰভাৰ উকীল আনন ভূঞাই চেষ্টা কৰিছিল। কিন্তু হৰেশ্বৰ মহন্তৰ সাক্ষ্যত পেছাদাৰী ক্ষেত্ৰখনৰ ছবিখন কিছু পৃথক ৰূপত উপস্থাপিত হয়।
সাক্ষ্য অনুসৰি, জুবিনৰ অনুষ্ঠান ক’ত, কেতিয়া বা কেনেদৰে অনুষ্ঠিত হ’ব—এইবোৰ পেছাদাৰী সিদ্ধান্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই গ্ৰহণ কৰিছিল। আনকি কেতিয়াবা কোনো অনুষ্ঠানৰ স্থান বা সময়ৰ বিষয়েও জুবিনে আগতীয়াকৈ নাজানিছিল; অনুষ্ঠানৰ কিছু সময় পূৰ্বেহে তেওঁক সেই বিষয়ে জনোৱা হৈছিল বুলি সাক্ষ্যত উল্লেখ কৰা হয়।
‘জুবিন মদাহী নাছিল, দুই-এপেগ মদ খাইছিল’
জুবিন গাৰ্গৰ মদ্যপানক লৈও হৰেশ্বৰ মহন্তৰ সাক্ষ্যত গুৰুত্বপূৰ্ণ মন্তব্য পোহৰলৈ আহে।
তেওঁৰ বক্তব্য অনুসৰি, জুবিনে মদ খাইছিল যদিও তেওঁ মদাহী নাছিল। অৰ্থাৎ, মাজে-সময়ে দুই-এপেগ মদ খোৱাৰ অভ্যাস আছিল যদিও নিয়মিতভাৱে মদ্যপান কৰা ব্যক্তি হিচাপে তেওঁক দেখা নাছিল বুলি সাক্ষ্যত উল্লেখ কৰা হয়।
২০২০ চনত জুবিনৰ চিজাৰ এটেক হোৱাৰ পাছত একেলগে থকা বা নিয়মিতভাৱে লগ পোৱা সময়ছোৱাত তেওঁক কেতিয়াও মদ খোৱা দেখা নাছিল বুলিও হৰেশ্বৰ মহন্তই সাক্ষ্য দিয়া বুলি উল্লেখ কৰা হৈছে।
সিদ্ধাৰ্থৰ ধন অপব্যৱহাৰক লৈ সন্দেহ কিয় জন্মিছিল?
সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে উত্থাপিত ধন অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভতো হৰেশ্বৰ মহন্তৰ সাক্ষ্যত তেওঁৰ নিজৰ সীমিত জড়িততাৰ কথা উল্লেখ কৰা হয়। পেছাদাৰী আৰু আৰ্থিক বিষয়ত তেওঁ নিজে বিশেষভাৱে জড়িত নাছিল বুলি কোৱা হয়।
অৱশ্যে সিদ্ধাৰ্থ শৰ্মাৰ জীৱনধাৰণত হোৱা পৰিৱৰ্তন আৰু তেওঁৰ খৰচৰ ধৰণ লক্ষ্য কৰাৰ পাছত জুবিন গাৰ্গৰ ধন অপব্যৱহাৰ কৰা হৈছে নেকি বুলি সন্দেহ জন্মিছিল বুলি সাক্ষ্যত দাবী কৰা হয়।
ন্যায় পোৱাৰ ক্ষেত্ৰত এতিয়াও আশাবাদী বুলি হৰেশ্বৰ মহন্তই উল্লেখ কৰা বুলি জানিব পৰা গৈছে।
ইফালে, এই ন্যায়িক প্ৰক্ৰিয়াত এতিয়ালৈকে ১১২জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে।
