শৰীৰচৰ্চা কৰি থাকোঁতেই কৰুণ মৃত্যুক সাবটিলে চিকিৎসকে

নগাঁও: জীমত শৰীৰচৰ্চা কৰি থকাৰ সময়তে আকস্মিকভাৱে মৃত্যু ঘটিল নগাঁও মেডিকেল কলেজৰ এগৰাকী চিকিৎসকৰ।

মৃত চিকিৎসকজন নগাঁও মেডিকেল কলেজ আৰু হাস্পতালৰ সামূহিক চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক ডাঃ চাহিন ৰহমান।

জানিব পৰা মতে, আজি সন্ধিয়া প্ৰায় ৭.৩৬ বজাত জীমত শৰীৰচৰ্চা কৰি থকাৰ সময়তে তেওঁ হঠাৎ অসুস্থ হৈ পৰে।

ইয়াৰ পাছতে চিকিৎসকগৰাকীৰ মৃত্যু ঘটে। অৱশ্যে তেওঁৰ মৃত্যুৰ সঠিক কাৰণ এইপৰ্যন্ত স্পষ্ট হোৱা নাই।

চিকিৎসা মহলত শোকৰ ছাঁ

ডাঃ চাহিন ৰহমানৰ আকস্মিক মৃত্যুৰ খবৰে নগাঁও মেডিকেল কলেজৰ চিকিৎসক, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰিছে।

সামূহিক চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক হিচাপে তেওঁ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলক পাঠদান কৰাৰ লগতে চিকিৎসা সেৱাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল।

গুৱাহাটীৰ মাছখোৱাৰ বাসিন্দা আছিল ডাঃ চাহিন ৰহমান।

চিকিৎসা পৰিয়ালৰ সন্তান আছিল ডাঃ ৰহমান

ডাঃ চাহিন ৰহমানৰ মাতৃ ডাঃ ফৰিদা বেগম গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ স্ত্ৰী আৰু প্ৰসূতিৰোগ বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰিছিল।

দুটি কন্যা সন্তানৰ পিতৃ

ডাঃ চাহিন ৰহমান দুটি কন্যা সন্তানৰ পিতৃ আছিল।

তেওঁৰ আকস্মিক বিয়োগে পৰিয়ালটোলৈ এক গভীৰ শূন্যতা নমাই আনিছে।

সহকৰ্মী, চিকিৎসক সমাজ আৰু শুভাকাংক্ষীসকলে চিকিৎসকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও বিভিন্নজনে সমবেদনা জ্ঞাপন কৰিছে।

ঘটনাটোৰ সঠিক কাৰণ মৰণোত্তৰ পৰীক্ষা আৰু পৰৱৰ্তী অনুসন্ধানৰ পাছতহে স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *