কলিয়াপানীত ই-ৰিক্সা আৰু মেজিক চালকৰ সংঘাত

কলিয়াপানীত ই-ৰিক্সা আৰু মেজিক গাড়ীৰ চালকৰ মাজত সংঘাত। ওমেন্স কলেজৰ কেইগৰাকীমান ছাত্ৰীক লৈ যোৱা এখন ই-ৰিক্সাক কেন্দ্ৰ কৰি এই বিতৰ্কৰ সৃষ্টি হয়।

ঘটনাৰ সময়ত মেজিক গাড়ীৰ চালকে ই-ৰিক্সাখনক হাইৱেত এনেদৰে চলাচল কৰিব নোৱাৰিব বুলি কোৱাৰ লগতে ছাত্ৰীকেইগৰাকীক মেজিক গাড়ীত উঠাই নিয়াৰ কথা কৈছিল বুলি জানিব পৰা গৈছে। তাৰ পিছতে দুয়োপক্ষৰ মাজত বাক্-বিতণ্ডা হয়।

ই-ৰিক্সাখনত ওমেন্স কলেজ আৰু ইউনিভাৰ্চিটীৰ ছাত্ৰীকেইগৰাকী সংৰক্ষিত গাড়ীৰে আহিছিল ।তাৰ আলম লৈ মেজিক গাড়ীৰ চালকে গাড়ী ৰখাই সংঘাতৰ সৃষ্টি কৰিছিল ।

ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে বিষয়টোৱে চৰ্চা লাভ কৰে। ভিডিঅ’টো সম্পাদনা কৰি মূল অংশ বাদ দিয়া হৈছিল বুলি অভিযোগ উঠিছে।

ঘটনাৰ পিছত দুয়োপক্ষক থানালৈ মাতি অনা হৈছিল। অৱশ্যে এই ঘটনাক লৈ কোনো গোচৰ দাখিল হোৱা নাই বুলি জানিব পৰা গৈছে।

পিছত অ’চি আৰু এমভিআই বিষয়াৰ উপস্থিতিত এক বৈঠক অনুষ্ঠিত হয়। বৈঠকত ই-ৰিক্সাসমূহক স্থানীয় পথত চলাচল কৰিবলৈ আৰু হাইৱেত নুঠিবলৈ কোৱা হয়। হাইৱেলৈ যাত্ৰী অনা-নিয়াৰ ক্ষেত্ৰত অনুমতিপ্ৰাপ্ত গাড়ী ব্যৱহাৰৰ কথাও অৱগত কৰা হয়।

হাইৱে পাৰ্মিট নথকা বাহনে সংৰক্ষিত গাড়ী হিচাপেও হাইৱেত যাত্ৰী কঢ়িয়াব নোৱাৰে বুলি এমভিআই বিষয়াই স্পষ্ট কৰিছে। খালী বাহন হিচাপেহে এনে গাড়ী চলাচল কৰিব পাৰিব বুলি জনোৱা হয়।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *