নতুন দিল্লী: কৈলাস-মানস সৰোবৰ ভ্ৰমণলৈ গৈ নেপাল-তিব্বত সীমান্তত সন্ধানহীন হৈছে আমেৰিকাত বসবাস কৰা ভাৰতীয় বংশোদ্ভূত দম্পতি দীপক আৰু মধু আহুজা।
দম্পতীহালে আমেৰিকাৰ পৰা নেপাললৈ গৈছিল দীপক আহুজাৰ ৬০সংখ্যক জন্মদিন বিশেষভাৱে উদ্যাপন কৰাৰ উদ্দেশ্যে।
পৰিয়ালৰ মতে, দীপকে এইবাৰ জন্মদিনটো কৈলাস-মানস সৰোবৰ যাত্ৰাৰ মাজতে কটাব বিচাৰিছিল।
গিৰং সীমান্তৰ পৰাই শেষ যোগাযোগ
পৰিয়ালৰ তথ্য অনুসৰি, কৈলাস যাত্ৰা সম্পূৰ্ণ কৰি বুধবাৰে আহুজা দম্পতী গিৰং প’ৰ্টৰ অভিবাসন দপ্তৰৰ ওচৰলৈ গৈছিল।
চীনৰ স্থানীয় সময় অনুসৰি তেতিয়া পুৱা প্ৰায় ৯ বাজিছিল।
ঠিক সেই সময়তে গিৰং অঞ্চলত ভয়ংকৰ হড়পা বান নামি আহে আৰু বন্দৰটোৰ বিস্তীৰ্ণ অংশ পানীৰ সোঁতত ধ্বংস হয়।
ইয়াৰ পাছৰে পৰা দীপক আৰু মধু আহুজাৰ সৈতে পৰিয়ালৰ কোনো যোগাযোগ হোৱা নাই।
দুই কন্যাৰ উৎকণ্ঠা
আহুজা দম্পতীৰ দুই কন্যা শ্ৰেয়া আৰু আসনাই জনোৱা অনুসৰি, গিৰং সীমান্তৰ পৰাই তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে শেষবাৰৰ বাবে কথা হৈছিল।
শ্ৰেয়াৰ বিশ্বাস, তেওঁৰ পিতৃ-মাতৃ হয়তো এতিয়াও চীন সীমান্তৰ দিশতে আবদ্ধ হৈ আছে।
তেওঁ কয় যে পিতৃ-মাতৃ কৈলাস যাত্ৰা লৈ যথেষ্ট উৎসাহী আছিল।
জন্মদিনতে কৈলাস যাত্ৰা
পৰিয়ালৰ মতে, বিগত ৪ আগষ্টত দীপক আহুজাৰ ৬০সংখ্যক জন্মদিন আছিল।
এই বিশেষ দিনটো কৈলাস-মানস সৰোবৰ যাত্ৰাৰ মাজতে উদ্যাপন কৰাৰ ইচ্ছা আছিল দীপকৰ।
সেই উদ্দেশ্যে পত্নী মধুক লগত লৈ তেওঁলোকে নেপাললৈ যাত্ৰা কৰিছিল।
ভয়ংকৰ বানত ব্যাপক ধ্বংসলীলা
বুধবাৰে নেপাল-তিব্বত সীমান্ত অঞ্চলত ভয়ংকৰ হড়পা বানে ব্যাপক ক্ষতিসাধন কৰে।
প্ৰবল পানীৰ সোঁতে বহু ঘৰ, পথ আৰু আন্তঃগাঁথনি ধ্বংস কৰাৰ লগতে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাও ব্যাহত কৰে।
এই বিপৰ্যয়ৰ ফলত বহু লোক সন্ধানহীন হৈ পৰিছে আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।
আহুজা পৰিয়ালে এতিয়া উদ্ধাৰকাৰী সংস্থা আৰু কৰ্তৃপক্ষৰ পৰা দীপক-মধুৰ কোনো খবৰ লাভ কৰাৰ অপেক্ষাত আছে।
দম্পতীহাল সুৰক্ষিতভাৱে উদ্ধাৰ হৈ পৰিয়ালৰ ওচৰলৈ উভতি আহিবনে, এতিয়া সেয়াই সকলোৰে প্ৰধান অপেক্ষা।
