নাচনীক ২৫ হাজাৰ, বানপীড়িত শিক্ষাৰ্থীক কিয় নহয় বিনামূলীয়া নামভৰ্তি? গড়গাঁও মহাবিদ্যালয়ত ক্ষোভ

নাজিৰা: নাচনীসকলক ২৫ হাজাৰ টকা দিব পাৰে, কিন্তু বানপীড়িত শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া কৰিব নোৱাৰে নেকি—প্ৰশ্ন গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ।

শিৱসাগৰ জিলাৰ বানপীড়িত গড়গাঁও মহাবিদ্যালয়ৰ সকলো শিক্ষাৰ্থীৰ নামভৰ্তি মাচুল সম্পূৰ্ণ বিনামূলীয়া কৰাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে।

নাজিৰাৰ বালিঘাট তিনিআলিত ৰাজপথলৈ ওলাই আহি গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

চৰকাৰে নিৰ্ধাৰণ কৰা ৭১৮০ টকাৰ নামভৰ্তি মাচুল বানপীড়িত শিক্ষাৰ্থীৰ বাবে ৰেহাই দিয়াৰ দাবী জনোৱা হয়।বানপানীত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলৰ নামভৰ্তি মাচুল সম্পূৰ্ণ ৰেহাইৰ দাবীত গড়গাঁও মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বালিঘাট তিনিআলিত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে।

প্ৰতিবাদকাৰীসকলৰ অভিযোগ, চাৰাইদেউ আৰু শিৱসাগৰ অঞ্চলত বানপানীৰ ফলত বহু পৰিয়ালৰ ঘৰ-দুৱাৰ তথা সা-সম্পত্তিৰ ক্ষতি হৈছে। এনে পৰিস্থিতিত শিক্ষাৰ্থীসকলে ₹৭,১৮০ নামভৰ্তি মাচুল বহন কৰাটো সম্ভৱ নহয় বুলি তেওঁলোকে জনায়।

কেইবাজনো শিক্ষাৰ্থীয়ে ₹৭,০০০ মাচুল ৰেহাইৰ দাবী তোলে। তেওঁলোকৰ মতে, বানপীড়িত দুখীয়া পৰিয়ালৰ বহু শিক্ষাৰ্থীৰ পিন্ধিবলৈ কাপোৰ বা ঘৰ-দুৱাৰো নথকাৰ পৰিস্থিতিত মাচুল দি নামভৰ্তি লোৱা কঠিন হৈছে।

শিক্ষাৰ্থীসকলৰ অভিযোগ, কলেজ কৰ্তৃপক্ষ, ডি চি কাৰ্যালয়, এ ডি চি আৰু বিধায়কৰ ওচৰত দৰ্খাস্ত দিয়া হৈছিল। শিক্ষামন্ত্ৰী ৰণোজ পেগুলৈও বাৰ্তা পঠিওৱা হৈছিল বুলি তেওঁলোকে দাবী কৰিছে। কিন্তু এতিয়ালৈ কোনো সমাধান পোৱা নাই বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে।

তেওঁলোকৰ মতে, নামভৰ্তিৰ অন্তিম তাৰিখ ৩১। সেয়েহে চৰকাৰে শীঘ্ৰে হস্তক্ষেপ কৰি বানপীড়িত শিক্ষাৰ্থীসকলৰ নামভৰ্তি বিনামূলীয়া কৰাৰ ব্যৱস্থা লওক বুলি দাবী জনোৱা হৈছে।

দাবী পূৰণ নহ’লে আগন্তুক দিনত অধিক ডাঙৰ আন্দোলন গঢ়ি তোলাৰ সকীয়নি দিছে শিক্ষাৰ্থীসকলে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *