কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে, দুনিয়াৰ আন যিকোনো ভাষা শিকাত কোনো অসুবিধা নাই, কিন্তু নিজৰ ভাষাত কথা ক’লে সৰু হৈ যাম বুলি ভৱাটো ভুল।
এটা বক্তব্যত শ্বাহে কয় যে ভাষাই মানুহক দেশৰ সংস্কাৰ আৰু ইতিহাসৰ সৈতে জড়াই ৰাখে। ভাষাৰ জৰিয়তেই মানুহ নিজৰ শিপাৰ সৈতেও সংযুক্ত হৈ থাকে বুলি তেওঁ মন্তব্য কৰে।
তেওঁৰ মতে, নিজৰ শিপাৰ সৈতে সম্পৰ্ক ছিন্ন হ’লে ডাঙৰ গছো থিয় হৈ থাকিব নোৱাৰে। সেই উদাহৰণেৰে শ্বাহে মাতৃভাষা আৰু সাংস্কৃতিক শিপাৰ গুৰুত্বৰ কথা দাঙি ধৰে।
আন ভাষা শিকাৰ প্ৰয়োজনীয়তা অস্বীকাৰ নকৰাকৈয়ে নিজৰ ভাষাৰ প্ৰতি হীনমন্যতা নৰখাৰ আহ্বান জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
