নাজিৰাৰ দেওপানী চাহ বাগিচাত চাহ গছ উচ্ছেদৰ চেষ্টা চলাৰ অভিযোগ তুলি অসম চাহ জনজাতি ছাত্ৰ সন্থাই (ATTSA) ONGC কৰ্তৃপক্ষক তৎকালীনভাৱে কাম বন্ধ কৰিবলৈ সতৰ্ক কৰি দিছে।
সংগঠনটোৰ অভিযোগ, দেওপানী চাহ বাগিচাৰ ২৪ নম্বৰ ছেকশ্যনত চাহ গছ উচ্ছেদৰ পৰিকল্পনা কৰা হৈছে। এই বিষয়ত ইতিমধ্যে তিনিখন স্মাৰক পত্ৰ দিয়া হৈছিল যদিও আজিলৈ সংগঠনটোৰ সৈতে কোনো আলোচনা কৰা হোৱা নাই বুলি ATTSAই অভিযোগ কৰিছে।
ঠিকাদাৰে কিছুমান বিষয়ববীয়াৰ সৈতে মিলি জেচিবি আৰু ডাম্পাৰ আনি গোপনে চাহ গছ উচ্ছেদৰ চেষ্টা চলাইছে বুলিও সংগঠনটোৰ অভিযোগ। শেহতীয়াকৈ বাগিচাখনত অহা গাড়ীসমূহ উভতাই পঠিওৱা হৈছে বুলি জানিবলৈ দিছে ATTSAই।
ATTSAৰ অভিযোগ অনুসৰি, ঠিকাদাৰ তন্ময় বুঢ়াগোহাঁইয়ে সংগঠনৰ সদস্যসকলৰ বিৰুদ্ধে গোচৰ দিয়াৰ ভাবুকি দিছে। এই অভিযোগ সন্দৰ্ভত ঠিকাদাৰগৰাকীৰ কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।
চাহ গছৰ পাত তুলি পোৱা মজুৰিৰ ওপৰতে শ্ৰমিক পৰিয়ালসমূহৰ জীৱিকা নিৰ্ভৰশীল বুলি উল্লেখ কৰি সংগঠনটোৱে কয় যে গছ উচ্ছেদ হ’লে শ্ৰমিকসকলৰ জীৱিকাত প্ৰভাৱ পৰিব। দেওপানী চাহ বাগিচাৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে ONGCৰ উন্নয়ন বা নিয়োগৰ সুবিধা দেখা নাযায় বুলিও ATTSAই অভিযোগ কৰিছে।
অতি শীঘ্ৰে চাহ গছ উচ্ছেদৰ কাম বন্ধ নকৰিলে ঠিকাদাৰ আৰু ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি সতৰ্ক কৰি দিছে সংগঠনটোৱে।
