ভাৰত চৰকাৰৰ যুটীয়া সচিব পদলৈ ড০ বৰ্ণালী ডেকা, প্ৰথমগৰাকী অসমীয়া মহিলা IAS বিষয়া হিচাপে নতুন কৃতিত্ব

ভাৰত চৰকাৰৰ যুটীয়া সচিব পদলৈ ড০ বৰ্ণালী ডেকা, অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে নতুন কৃতিত্ব

গুৱাহাটীঃ ভাৰত চৰকাৰৰ যুটীয়া সচিব হিচাপে নিযুক্তিৰ বাবে Empanelment লাভ কৰি নতুন কৃতিত্ব অৰ্জন কৰিছে অসমৰ জ্যেষ্ঠ IAS বিষয়া ড০ বৰ্ণালী ডেকাই। এই গুৰুত্বপূৰ্ণ পদৰ বাবে Empanelment লাভ কৰা ড০ বৰ্ণালী ডেকা অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া। তেওঁৰ এই সাফল্য অসমৰ প্ৰশাসনিক ক্ষেত্ৰৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

কেন্দ্ৰত নতুন দায়িত্ব

ড০ বৰ্ণালী ডেকাই ইয়াৰ পূৰ্বে অসম চৰকাৰৰ General Administration Departmentৰ Commissioner আৰু Secretary হিচাপে দায়িত্ব পালন কৰিছিল। ২০২৫ চনৰ আগষ্ট মাহত তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ Deputationত যায়। কেন্দ্ৰত দায়িত্ব পালন কৰি থকাৰ সময়তে তেওঁ ভাৰত চৰকাৰৰ যুটীয়া সচিব পদৰ বাবে Empanelled হৈছে।

পাঁচখন জিলাৰ উপায়ুক্ত হিচাপে দায়িত্ব

অসমত প্ৰশাসনিক দায়িত্ব পালন কৰাৰ সময়ত ড০ ডেকাই পাঁচখন জিলাৰ Deputy Commissioner হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ Barpeta, Golaghat, Goalpara, Kokrajhar আৰু Nalbari জিলাৰ উপায়ুক্ত হিচাপে কাম কৰিছিল জিলাসমূহত দায়িত্ব পালন কৰাৰ সময়ত প্ৰশাসনিক কাম-কাজৰ লগতে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

বিভিন্ন গুৰুত্বপূৰ্ণ পদত দায়িত্ব

ড০ বৰ্ণালী ডেকাই Guwahati Metropolitan Development Authorityৰ Vice Chairman আৰু Chief Executive Officer হিচাপেও দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰি Assam Skill Development Mission আৰু Assam State Rural Livelihood Missionৰ Managing Director হিচাপে কাম কৰিছিল। Samagra Shiksha Abhiyanৰ Executive Director হিচাপেও তেওঁ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল।

UPSCত উজ্জ্বল সাফল্য

অসামৰিক সেৱাত যোগদানৰ পূৰ্বে ড০ বৰ্ণালী ডেকাই Tata Consultancy Servicesৰ Global Consulting Practice আৰু ANZ Bankত কৰ্মৰত আছিল। UPSC পৰীক্ষাত প্ৰথমে তেওঁ ৮২সংখ্যক স্থান লাভ কৰি IPSৰ বাবে নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত পুনৰ UPSC পৰীক্ষাত অৱতীৰ্ণ হৈ ১৬সংখ্যক স্থান লাভ কৰি IASত যোগদান কৰে।

উচ্চ শিক্ষাৰে সমৃদ্ধ ড০ বৰ্ণালী ডেকা

ড০ বৰ্ণালী ডেকাই Computer Science, Business Administration আৰু Law বিষয়ত ডিগ্ৰী লাভ কৰিছে। ইয়াৰ উপৰি Commerce বিষয়ত PhD ডিগ্ৰীও লাভ কৰিছে।

একাধিক ৰাষ্ট্ৰীয় সন্মান

প্ৰশাসনিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ড০ বৰ্ণালী ডেকাই একাধিক ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। তেওঁ Public Serviceত Excellenceৰ বাবে Prime Minister’s Award লাভ কৰাৰ লগতে National e-Governance Award লাভ কৰিছে। তেওঁৰ প্ৰশাসনিক উদ্ভাৱন আৰু বিভিন্ন পদক্ষেপে NITI Aayog, United Nations Development Programmeসহ কেইবাটাও প্ৰতিষ্ঠানৰ স্বীকৃতি লাভ কৰিছে।

ড০ বৰ্ণালী ডেকাৰ এই নতুন দায়িত্বই তেওঁৰ প্ৰশাসনিক কেৰিয়াৰত নতুন অধ্যায়ৰ সূচনা কৰাৰ লগতে অসমৰ মহিলা প্ৰশাসনিক বিষয়াসকলৰ বাবেও এক উল্লেখযোগ্য দৃষ্টান্ত স্থাপন কৰিছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *