শিৱসাগৰঃ বাংলাদেশী অনুপ্ৰৱেশৰ অভিযোগক কেন্দ্ৰ কৰি শিৱসাগৰত সৰৱ হৈ পৰিছে জাতীয় সংগ্ৰামী সেনা অসম। সংগঠনটোৱে বানপানীৰ সুযোগ লৈ জিলাখনৰ বিভিন্ন অঞ্চলত সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। শিৱসাগৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাই এই বিষয়ত চৰকাৰ আৰু আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
সংবাদমেলত চিতু বৰুৱাই অভিযোগ কৰে যে বানপানীৰ ফলত খিলঞ্জীয়া লোকসকলে ব্যাপক ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱাৰ সময়তে একাংশ বাংলাদেশীয়ে এই পৰিস্থিতিৰ সুযোগ লৈ বিভিন্ন স্থানত ঘৰ নিৰ্মাণ কৰিছে। তেওঁৰ দাবী অনুসৰি, বিহুবৰৰ ২ নং ৰে’লৱে কোৱেৰী আৰু ৰঙাজান অঞ্চলত প্ৰায় ৯ হাজাৰ সন্দেহযুক্ত বাংলাদেশী নাগৰিক প্ৰৱেশ কৰিছে। ইয়াৰ উপৰি গীতি চাইডিংৰ নেপালী বস্তি অঞ্চলতো প্ৰায় ৭ হাজাৰ সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ আগ্ৰাসন চলিছে বুলি সংগঠনটোৱে দাবী কৰে।
মানস জ্যোতি চেতিয়াৰ মৃত্যুক লৈও ক্ষোভ
সংবাদমেলত মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ বিষয়টোও উত্থাপন কৰে সংগঠনটোৱে। চিতু বৰুৱাই আৰক্ষীক মানস জ্যোতি চেতিয়াৰ মৃত্যুৰ সৈতে জড়িত প্ৰতিজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত আগবঢ়াবলৈ দাবী জনায়। তেওঁ অভিযোগ কৰে যে এগৰাকী তেজাল অসমীয়া যুৱকৰ মৃত্যুৰ ঘটনাক লৈ আৰক্ষীয়ে কঠোৰ আৰু নিৰপেক্ষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
‘শিৱসাগৰক মিনি বাংলাদেশ হ’বলৈ দিয়া নহ’ব’
বাংলাদেশী অনুপ্ৰৱেশৰ অভিযোগক লৈ জাতীয় সংগ্ৰামী সেনা অসমে চৰকাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। চিতু বৰুৱাই হুংকাৰ দি কয় যে শীঘ্ৰে অবৈধভাৱে বসবাস কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ‘জাতিৰ বৰঘৰত বাংলাদেশীৰ আগ্ৰাসন চলিবলৈ দিয়া নহ’ব’ বুলি তেওঁ মন্তব্য কৰে। লগতে শিৱসাগৰক ‘মিনি বাংলাদেশ’ত পৰিণত কৰাৰ কোনো প্ৰচেষ্টা সহ্য কৰা নহ’ব বুলিও সংগঠনটোৱে সকীয়াই দিয়ে।
মুখ্যমন্ত্ৰীলৈ কঠোৰ ব্যৱস্থাৰ দাবী
শিৱসাগৰৰ পৰা মোস্তাক আহমেদৰ প্ৰতিবেদন।
