নেপালৰ বানত সন্ধানহীন মেৰাপানীৰ ৰাহুল দৈমাৰী

গোলাঘাটৰ ১ নং জয়পুখুৰী মেৰাপানীৰ ৰাহুল দৈমাৰী নেপালত ২৬ তাৰিখে অহা প্ৰলয়ংকাৰী বানৰ পিছৰে পৰা সন্ধানহীন হৈ আছে। এতিয়ালৈকে তেওঁৰ সৈতে পৰিয়ালৰ কোনো যোগাযোগ হোৱা নাই।

১৪ আগষ্টত কৰ্মসূত্ৰে নেপাললৈ যোৱা ৰাহুলে তাত এটা কোম্পানীত চুপাৰভাইজাৰ হিচাপে কাম কৰি আছিল। নেপালত তেওঁৰ কৰ্মজীৱনৰ প্ৰায় এবছৰ হৈছে। ইয়াৰ আগতে তেওঁ অৰুণাচলত কাম কৰিছিল।

বানৰ পিছত প্ৰকাশ পোৱা সন্ধানহীন লোকৰ তালিকাত ৰাহুল দৈমাৰীৰ নাম থকা বুলি পৰিয়ালে জানিবলৈ পাইছে। কিন্তু তেওঁৰ অৱস্থান বা সুৰক্ষাৰ বিষয়ে এতিয়ালৈকে কোনো নিশ্চিত তথ্য লাভ কৰা নাই।

প্ৰায় এবছৰ আগতে বিয়া হোৱা ৰাহুলৰ পত্নী ছিকিমত এখন ব্যক্তিগত বিদ্যালয়ত কৰ্মৰত। পৰিয়ালৰ অনুৰোধ, গোলাঘাট জিলা প্ৰশাসনৰ জৰিয়তে ভাৰত চৰকাৰে নেপালৰ সৈতে যোগাযোগ কৰি ৰাহুলৰ সন্ধান উলিয়াওক। অসম চৰকাৰ আৰু গোলাঘাটৰ বিধায়িকাৰো হস্তক্ষেপ বিচৰিছে ৰাহুলৰ পৰিয়ালে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *