RSS প্ৰমুখ মোহন ভাগৱতে কৈছে, ভাৰতত মুছলমান নাথাকক বুলি কোনো হিন্দুৱে ভাবিলে সেয়া হিন্দুত্ব নহয়।
ভাগৱতে কয়, এসময়ত কিছুমান মুছলমান ভাইয়ে তেওঁক প্ৰশ্ন কৰিছিল—হিন্দু সংগঠন আৰু হিন্দু ৰাষ্ট্ৰৰ কথা কোৱা হয়, তেন্তে মুছলমানসকলৰ স্থান ক’ত? ইয়াৰ উত্তৰত তেওঁ হিন্দুত্বৰ এনে ব্যাখ্যা আগবঢ়াইছিল বুলি কয়।
ভাগৱতৰ মতে, নিজকে হিন্দু বুলি মানিলে সকলো পথ একেটা গন্তব্যলৈ যায় বুলি বিশ্বাস কৰিব লাগে। প্ৰতিজন মানুহৰ মৰ্যাদা আছে আৰু মানুহৰ মাজত মৌলিক কোনো ভেদাভেদ নাই বুলিও তেওঁ মন্তব্য কৰে।
তেওঁ গীতাৰ শ্লোকৰ উল্লেখ কৰি জ্ঞানী ব্যক্তিয়ে বিদ্বান ব্ৰাহ্মণ, গাই, হাতী, কুকুৰ আৰু তথাকথিত নিম্নবৰ্গীয় লোককো সমদৃষ্টিৰে চায় বুলি কয়।
প্ৰকৃতিত দেখা ভিন্নতাসমূহ বাহ্যিক বুলি উল্লেখ কৰি RSS প্ৰমুখে কয়, এইবোৰ কিছু সময়ৰ বাবে থাকে আৰু পিছত সলনি হয়। কিন্তু স্থায়ী বাস্তৱতা হৈছে আমি একে বুলি তেওঁ মন্তব্য কৰে।
