অসমৰ বিভিন্ন মূলধনী প্ৰকল্পৰ বাবে ৭ বছৰত ₹৫০,০০০ কোটি ব্যয়ৰ বিকশিত অসম পেকেজত কেবিনেটে অনুমোদন জনাইছে। এই পেকেজৰ অধীনত বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ, স্বাস্থ্যসেৱা, পথ, বিদ্যুৎ নেটৱৰ্ক, চাহ বাগিচা শ্ৰমিকৰ আবাস আৰু বান-প্ৰতিৰোধী মথাউৰি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে।
পেকেজখনৰ বাবে নাবাৰ্ডৰ পৰা ₹৩০,০০০ কোটি ঋণ লোৱাৰ কথা আছে। ৰাজ্য চৰকাৰে বৰ্ধিত ৰাজহ সংগ্ৰহৰ পৰা আন ₹২০,০০০ কোটি ব্যয় কৰিব। ২০২৭-২৮ৰ পৰা কাম আৰম্ভ কৰি ৭ বছৰত এই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ লক্ষ্য ধৰা হৈছে।
পেকেজত মহিলাৰ বজাৰ, মহিলা হোষ্টেল, ঔদ্যোগিক ইষ্টেট, প্ৰতিটো সমষ্টিত ষ্টেডিয়াম আৰু প্ৰেক্ষাগৃহ নিৰ্মাণৰ কথাও আছে। প্ৰায় ১,০০০খন উচ্চ বিদ্যালয়ৰ উন্নয়নৰ বাবে এখনত ₹৭ কোটি দিয়াৰ পৰিকল্পনাৰ লগতে ৬,০০০ নতুন অংগনবাড়ী কেন্দ্ৰ গঢ়াৰ লক্ষ্য লোৱা হৈছে।
ইফালে, গুৱাহাটী মেডিকেল কলেজত প্ৰটন বিম থেৰাপি সুবিধা স্থাপনৰ বাবে ₹৬০০ কোটি অনুমোদন দিয়া হৈছে। বিশ্ব বেংকে ঋণ হিচাপে ₹৩১৫ কোটি দিব আৰু ৰাজ্য চৰকাৰে ₹২৮৫ কোটি ব্যয় কৰিব। যন্ত্ৰ, প্ৰশিক্ষণ আৰু ভৱনকে ধৰি এই সুবিধা স্থাপনত কমেও ৩ বছৰ সময় লাগিব পাৰে।
প্ৰটন বিম থেৰাপি স্থাপন হ’লে গুৱাহাটী মেডিকেল কলেজ দেশৰ চৰকাৰী স্বাস্থ্যসেৱা খণ্ডত এই সুবিধা থকা প্ৰথমখন চিকিৎসালয় হ’ব বুলি কেবিনেটৰ সিদ্ধান্তত উল্লেখ কৰা হৈছে। বৰ্তমান দেশত চেন্নাই আৰু টাটা মেম’ৰিয়েলত এই থেৰাপিৰ সুবিধা আছে।
আন সিদ্ধান্তসমূহৰ ভিতৰত অসমৰ বিভিন্ন স্থানত ঔদ্যোগিক ইষ্টেট স্থাপনৰ বাবে ১,১৭৬ বিঘা মাটি অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু অসম ঔদ্যোগিক ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়ন নিগমলৈ আবণ্টন, ধেমাজিত দুগ্ধ প্ৰচেছিং কেন্দ্ৰৰ বাবে ২৭ বিঘা মাটি পশুপালন বিভাগলৈ হস্তান্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ₹১০৯ কোটি অনুমোদন অন্তৰ্ভুক্ত আছে।
শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত অৰুণোদয় হিতাধিকাৰীয়ে এই মাহত ₹২,০০০কৈ পাব। ৰাজ্যৰ বাকী হিতাধিকাৰীয়ে ₹১,২০০কৈ পাব। এই পুঁজি ১০ ছেপ্টেম্বৰত মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
