শৃংখল চলিহাৰ বিৰুদ্ধে জুৰিয়া থানাত এজাহাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

জুৰিয়াত সংখ্যালঘু সংগ্ৰাম পৰিষদে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। উজনি অসমত ৭,০০০ বাংলাদেশী সোমাইছে বুলি চলিহাই কৰা মন্তব্যক লৈ সংগঠনটোৱে আপত্তি জনাইছে।

সংগঠনটোৰ অভিযোগ, চলিহাৰ এই মন্তব্য ভিত্তিহীন, অসংবিধানিক আৰু অগণতান্ত্ৰিক। ৰাজ্যত কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো ৭,০০০ অবৈধ বাংলাদেশী উজনি অসমত কেনেকৈ থাকিব পাৰে বুলি প্ৰশ্ন সংগঠনটোৰ।

সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দাবী, উজনি অসমৰ বানপীড়িত লোকক সাহায্য আগবঢ়াবলৈ ১০,০০০-তকৈ অধিক বৈধ ভাৰতীয় মিঞা লোক গৈছিল। সেইসকলক দেখি চলিহাই ৭,০০০ বাংলাদেশী বুলি অনুমান কৰাৰ অভিযোগ।

ধুবুৰী জিলা বাংলাদেশী হৈ পৰিছে বুলিও চলিহাই কৰা মন্তব্যত এজাহাৰত দাখিল। এনে বক্তব্যই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজৰ শান্তি আৰু সম্প্ৰীতি নষ্ট কৰাৰ আশংকা সৃষ্টি কৰে 

শৃংখল চলিহাৰ লগতে চিতু বৰুৱা আৰু আকাশ শইকীয়াৰ বিৰুদ্ধেও সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা চলাইছে - সংখ্যালঘু সংগ্ৰাম পৰিষদে। 


Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *