‘মুছলমান ভাৰতত থাকিব নালাগে বুলি ভবা হিন্দু, হিন্দুয়েই নহয়’: নিউয়ৰ্কত মোহন ভাগৱত

নিউয়ৰ্ক: ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ বাৰ্তা প্ৰদান কৰি নিউয়ৰ্কৰ ম্যানহাটনত ভাষণ দিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) প্ৰধান মোহন ভাগৱতে। প্ৰায় এঘণ্টাজোৰা ভাষণত ভাৰতীয় সংস্কৃতি, হিন্দুত্ব আৰু সকলো সম্প্ৰদায়ৰ সহাৱস্থানৰ কথা উল্লেখ কৰে সংঘপ্ৰধানে।

ম্যানহাটনৰ মেডিছন স্কোৱাৰ গাৰ্ডেনত অনুষ্ঠিত ‘Universal Oneness Celebration’ শীৰ্ষক অনুষ্ঠানত ভাষণ দি ভাগৱতে কয় যে ভাৰতৰ পৰম্পৰাৰ মূলতে আছে বৈচিত্ৰ্যৰ মাজত ঐক্য।

‘মুছলমানক আঁতৰাব বিচৰা ব্যক্তিয়ে হিন্দুত্ব বুজা নাই’

ভাষণৰ এটা গুৰুত্বপূৰ্ণ অংশত ভাগৱতে ভাৰতত মুছলমানসকলৰ উপস্থিতি সন্দৰ্ভত নিজৰ বক্তব্য প্ৰকাশ কৰে।

তেওঁ কয়, ভাৰত সকলো সম্প্ৰদায়ৰ লোকৰ দেশ আৰু সকলোকে আশ্ৰয় দিয়াটো ভাৰতীয় পৰম্পৰাৰ অংশ।

ভাগৱতৰ ভাষ্য অনুসৰি, তেওঁক কিছু মুছলমান লোকে প্ৰশ্ন কৰিছিল—এটা হিন্দু সংগঠনে তেওঁলোকৰ প্ৰতি কেনে দৃষ্টিভংগী পোষণ কৰে আৰু তেওঁলোকক ভাৰতৰ পৰা আঁতৰাই দিয়া হ’ব নেকি।

ইয়াৰ উত্তৰত ভাগৱতে কয় যে হিন্দুত্ব তেনে নহয়। তেওঁৰ মতে, কোনো হিন্দুৱে যদি ভাবে যে ভাৰতত মুছলমানসকল থাকিব নালাগে, তেন্তে তেওঁ হিন্দুত্বৰ মূল ভাবনা বুজা নাই।

‘বৈচিত্ৰ্যৰ মাজত ঐক্য ভাৰতৰ মজ্জাত’

প্ৰায় এঘণ্টাজোৰা ভাষণত বাৰে বাৰে ভাৰতীয় সংস্কৃতিত বৈচিত্ৰ্যৰ মাজত ঐক্যৰ কথাটো উত্থাপন কৰে সংঘপ্ৰধানে।

তেওঁ কয় যে বৈচিত্ৰ্যৰ মাজত ঐক্য ভাৰতৰ মজ্জাত মিহলি হৈ আছে আৰু এই ঐক্যক সকলোৱে উদযাপন কৰাৰ লগতে সন্মান কৰা উচিত।

ভাগৱতে লগতে ‘মই আৰু মোৰ’ৰ পৰিৱৰ্তে ‘আমি আৰু আমাৰ’ চিন্তাধাৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁৰ মতে, কেৱল ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাৰে কোনো স্থায়ী সমাধান সম্ভৱ নহয়।

আমেৰিকাত থকা প্ৰবাসী ভাৰতীয়সকলকো বিশেষ বাৰ্তা

শনিবাৰে অনুষ্ঠিত এই অনুষ্ঠানত বহু প্ৰবাসী ভাৰতীয় উপস্থিত থাকে। তেওঁলোকক নিজৰ জন্মভূমিৰ লগতে কৰ্মভূমিৰ প্ৰতিও দায়িত্বশীল হ’বলৈ আহ্বান জনায় ভাগৱতে।

তেওঁ কয় যে যিহেতু তেওঁলোকে আমেৰিকাত বাস কৰে আৰু ইয়াতেই উপাৰ্জন কৰে, সেয়ে আমেৰিকাৰ প্ৰতি তেওঁলোকৰ আচৰণ আৰু মনোভাৱো দায়িত্বশীল হোৱা উচিত।

ভাগৱতৰ অনুষ্ঠানক লৈ আপত্তি কৰিছিল নিউয়ৰ্কৰ মেয়ৰে

ইফালে মোহন ভাগৱতৰ নিউয়ৰ্ক ভ্ৰমণ আৰু অনুষ্ঠানক লৈ আপত্তি প্ৰকাশ কৰিছিল নিউয়ৰ্কৰ ভাৰতীয় মূলৰ মেয়ৰ জোহৰান মামদানিয়ে

মামদানিয়ে স্পষ্ট কৰি দিছিল যে তেওঁ এই অনুষ্ঠানক সমৰ্থন নকৰে। অৱশ্যে অনুষ্ঠানটো বাতিল কৰাৰ ক্ষমতা নিউয়ৰ্ক চহৰ প্ৰশাসনৰ নাই বুলিও তেওঁ উল্লেখ কৰিছিল।

মেয়ৰগৰাকীয়ে ভাৰতক এক ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু বহুত্ববাদী সমাজ হিচাপে দেখাৰ কথা উল্লেখ কৰি সমাজৰ কোনো এটা অংশক আঁতৰাই ৰখাৰ দৃষ্টিভংগীৰে গঢ় লৈ উঠা আন্দোলনক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।

ভাগৱতৰ বক্তব্যক লৈ ভাৰততো ৰাজনৈতিক প্ৰতিক্ৰিয়া

নিউয়ৰ্কৰ অনুষ্ঠানৰ পাছতেই ভাৰততো ভাগৱতৰ বক্তব্যক লৈ ৰাজনৈতিক প্ৰতিক্ৰিয়া দেখা গৈছে।

ৰাজ্যসভাৰ সাংসদ কপিল ছিব্বলে সমাজমাধ্যমত ভাগৱতৰ বক্তব্যক লৈ মন্তব্য কৰি কয় যে বিদেশত গৈ ভাল ভাল কথা কোৱা হৈছে যদিও দেশৰ মাটিত এই বিষয়ত নীৰৱতা দেখা যায়। তেওঁৰ মতে, কেৱল কথাৰে নহয়, কামৰ জৰিয়তেহে কোনো বিষয়ৰ প্ৰমাণ পোৱা যায়।

আনহাতে শিন্দে সেনাৰ সাংসদ শাইনা এন চিয়ে ভাগৱতৰ বক্তব্যক আদৰণি জনাইছে। তেওঁৰ মতে, সংঘপ্ৰধানৰ বক্তব্যত সকলোৰে প্ৰতি ন্যায়ৰ কথা কোৱা হৈছে যদিও কোনো সম্প্ৰদায়ক তোষণ কৰাৰ কথা কোৱা হোৱা নাই।

শতবৰ্ষত সংঘপ্ৰধানৰ বিদেশ ভ্ৰমণ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উদযাপনৰ অংশ হিচাপে বিদেশ ভ্ৰমণ আৰম্ভ কৰিছে মোহন ভাগৱতে। নিউয়ৰ্কৰ ম্যানহাটনত অনুষ্ঠিত এই সভাই আছিল তেওঁৰ বিদেশ ভ্ৰমণৰ অন্যতম প্ৰথম কাৰ্যসূচী।

ভাৰতীয় সংস্কৃতি, ঐক্য আৰু সকলো সম্প্ৰদায়ৰ সহাৱস্থানক লৈ নিউয়ৰ্কৰ মঞ্চৰ পৰা দিয়া ভাগৱতৰ বক্তব্যই এতিয়া ভাৰতীয় ৰাজনীতিতো নতুনকৈ চৰ্চা লাভ কৰিছে।


Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *