২৮,৫২১ বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন! অসমৰ খেতিপথাৰক লৈ উদ্বেগ, কামৰূপত সৰ্বাধিক

গুৱাহাটী, ৩০ আগষ্ট: অসমৰ কৃষিভূমি সংৰক্ষণক লৈ নতুনকৈ উদ্বেগ সৃষ্টি কৰিছে অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ তথ্যই। বিভাগীয় তথ্য অনুসৰি, ২০২১-২২ৰ পৰা ২০২৪-২৫ বৰ্ষলৈ অসমৰ ২৬খন জিলাত মুঠ ২৮,৫২১ বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে।

উদ্যোগ স্থাপন, নিৰ্মাণকাৰ্য আৰু অন্যান্য ব্যৱহাৰৰ বাবে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে বুলি তথ্যত প্ৰকাশ পাইছে। কৃষিৰ ওপৰত নিৰ্ভৰশীল অসমৰ দৰে ৰাজ্যত বৃহৎ পৰিমাণৰ কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ পৰিসংখ্যাই কৃষক, কৃষি উৎপাদন আৰু ভৱিষ্যৎ খাদ্য সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

কামৰূপত সৰ্বাধিক ৩,৫০৯ বিঘা

জিলাভিত্তিক তথ্য অনুসৰি, উক্ত সময়ছোৱাত কামৰূপ জিলাত সৰ্বাধিক ৩,৫০৯ বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে।

ইয়াৰ পিছতে যোৰহাটত ২,২৮১ বিঘা, গোলাঘাটত ১,৮০৮ বিঘা, ডিব্ৰুগড়ত ১,৬৮১ বিঘা, নলবাৰীত ১,৬৩০ বিঘা আৰু শোণিতপুৰত ১,৫৬৮ বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ তথ্য পোৱা গৈছে।

মৰিগাঁৱত ১,৫৪০ বিঘা, নগাঁৱত ১,৫১৭ বিঘা, শিৱসাগৰত ১,২৮৫ বিঘা, কামৰূপ মহানগৰত ১,২৪৮ বিঘা আৰু লখিমপুৰত ১,১৯০ বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে।

ইয়াৰ উপৰি তিনিচুকীয়াত ১,১৩৫ বিঘা, বৰপেটাত ১,০৬৪ বিঘা, বঙাইগাঁৱত ৯১৬ বিঘা, ধেমাজিত ৭০১ বিঘা, ধুবুৰীত ৭০৩ বিঘা আৰু বিশ্বনাথত ৬৬৯ বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ তথ্য উল্লেখ আছে।

গোৱালপাৰাত ৬৮২ বিঘা, হোজাইত ৫৯৩ বিঘা, বজালীত ৪২৮ বিঘা, চৰাইদেউত ৪০৮ বিঘা, কাছাৰত ৩১৮ বিঘা, মাজুলীত ২০৪ বিঘা আৰু শ্ৰীভূমিত ১৩০ বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এই পৰিমাণ ৬ বিঘা বুলি তথ্যত উল্লেখ কৰা হৈছে।

কৃষিভূমি হ্ৰাসক লৈ বৃদ্ধি পাইছে উদ্বেগ

অসমৰ গ্ৰাম্য অৰ্থনীতিৰ অন্যতম মূল আধাৰ কৃষি। ৰাজ্যৰ বৃহৎ সংখ্যক লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ সৈতে জড়িত।

এনে পৰিস্থিতিত কৃষিভূমি ক্ৰমান্বয়ে অন্যান্য ব্যৱহাৰলৈ ৰূপান্তৰিত হ’লে কৃষি উৎপাদন আৰু কৃষকৰ জীৱিকাৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পৰাৰ আশংকা থাকে।

বিশেষকৈ উৰ্বৰ কৃষিভূমি উদ্যোগ, আবাসিক প্ৰকল্প বা অন্যান্য নিৰ্মাণকাৰ্যৰ বাবে ব্যৱহাৰ হ’লে ভৱিষ্যতে কৃষিযোগ্য মাটিৰ পৰিমাণ হ্ৰাস পাব পাৰে।

‘কৃষকৰ আয় দুগুণ’ৰ দাবীৰ বিপৰীত ছবি?

চৰকাৰে কৃষিখণ্ডৰ উন্নয়ন আৰু কৃষকৰ আয় বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ কথা কৈ আহিছে।

কিন্তু একে সময়তে বৃহৎ পৰিমাণৰ কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ তথ্য পোহৰলৈ অহাত চৰকাৰৰ কৃষিনীতি আৰু ভূমি ব্যৱস্থাপনাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

কৃষিভূমি কিয় আৰু কোন উদ্দেশ্যত শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে, সেই বিষয়ত অধিক স্বচ্ছ তথ্য ৰাজহুৱা কৰাৰ দাবীও উত্থাপন হৈছে।

বহিৰাগত পুঁজি আৰু ভূমি হস্তান্তৰক লৈও বিতৰ্ক

ইফালে অসমৰ বিভিন্ন প্ৰান্তত কৃষিভূমি উদ্যোগপতি, পুঁজিপতি আৰু বণিক গোষ্ঠীৰ হাতলৈ যোৱাৰ অভিযোগক লৈ বিভিন্ন সময়ত দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

উদ্যোগ আৰু উন্নয়নৰ প্ৰয়োজনীয়তাক অস্বীকাৰ নকৰাকৈ কৃষিভূমি সংৰক্ষণ, থলুৱা লোকৰ ভূমি অধিকাৰ আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ মাজত সমন্বয়ৰ দাবী উত্থাপন হৈছে।

উন্নয়নৰ নামত কৃষিভূমি হ্ৰাস পালে ইয়াৰ লাভ-ক্ষতি কাক কিমান পৰিমাণে প্ৰভাৱিত কৰিব, সেই বিষয়টোও গুৰুত্বসহকাৰে বিবেচনা কৰাৰ প্ৰয়োজন আছে।

চৰকাৰৰ ওচৰত কেইবাটাও প্ৰশ্ন

২০২১-২২ৰ পৰা ২০২৪-২৫লৈ মাত্ৰ চাৰি বছৰত ২৮,৫২১ বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ তথ্যই এতিয়া কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।

কোন উদ্দেশ্যত এই ভূমিসমূহৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছিল?

কিমান কৃষিভূমি উদ্যোগলৈ আৰু কিমান নিৰ্মাণকাৰ্যৰ বাবে ব্যৱহাৰ হৈছে?

এই ভূমিসমূহৰ ভিতৰত কিমানখিনি বাস্তৱতে কৃষিৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি গৈছে?

আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন—উন্নয়নৰ সমান্তৰালভাৱে অসমৰ ভৱিষ্যৎ কৃষিভূমি কেনেদৰে সুৰক্ষিত কৰা হ’ব?

এই প্ৰশ্নসমূহৰ স্পষ্ট উত্তৰ আৰু জিলাভিত্তিক স্বচ্ছ তথ্যইহে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ সম্পূৰ্ণ ছবিখন জনসাধাৰণৰ সন্মুখলৈ আনিব।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *