চীনৰ ঐতিহাসিক মহাপ্ৰাচীৰৰ বিপৰীতে এইবাৰ আফ্ৰিকা মহাদেশত গঢ় লৈ উঠিছে এখন বিশাল ‘সেউজ মহাপ্ৰাচীৰ’। জলবায়ু পৰিৱৰ্তন, মৰুভূমিকৰণ আৰু ভূমিৰ অৱক্ষয়ৰ বিৰুদ্ধে যুঁজিবলৈ আফ্ৰিকান দেশসমূহে গ্ৰহণ কৰিছে এই অভিলাষী পদক্ষেপ।
‘গ্ৰেট গ্ৰীণ ৱাল’ নামেৰে পৰিচিত এই প্ৰকল্পটো ছেনেগালৰ পৰা জিবুটিলৈ প্ৰায় ৮,০০০ কিলোমিটাৰ অঞ্চলজুৰি বিস্তৃত কৰাৰ পৰিকল্পনা কৰা হৈছে। লক্ষ্য হৈছে আফ্ৰিকাৰ সাহেল অঞ্চলত সেউজ আৱৰণ বৃদ্ধি কৰি পৰিৱেশৰ ভাৰসাম্য পুনৰুদ্ধাৰ কৰা।
এই প্ৰকল্পৰ মূল উদ্দেশ্য কেৱল গছপুলি ৰোপণ কৰাই নহয়। মৰুভূমিৰ বিস্তাৰ ৰোধ কৰা, ক্ষয়প্ৰাপ্ত ভূমিৰ উৰ্বৰতা ঘূৰাই অনা, কৃষি উৎপাদন বৃদ্ধি কৰা আৰু স্থানীয় লোকসকলৰ জীৱিকাৰ সুযোগ সৃষ্টি কৰাও ইয়াৰ অন্যতম লক্ষ্য।
২০০৭ চনত আৰম্ভ হৈছিল বৃহৎ পৰিকল্পনা
আফ্ৰিকান ইউনিয়নে ২০০৭ চনতে ‘গ্ৰেট গ্ৰীণ ৱাল’ প্ৰকল্পৰ পৰিকল্পনাত আগবাঢ়িছিল। পৰৱৰ্তী সময়ত আফ্ৰিকাৰ বিভিন্ন দেশ, আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু উন্নয়ন অংশীদাৰসকলে এই প্ৰকল্পৰ সৈতে সহযোগিতা আগবঢ়াই আহিছে।
২০৩০ চনৰ ভিতৰত ১০ কোটি হেক্টৰ ভূমি পুনৰুজ্জীৱিত, ২৫ কোটি টন কাৰ্বন-ডাই-অক্সাইড শোষণ আৰু প্ৰায় ১ কোটি সেউজ চাকৰি সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
কেৱল গছ নহয়, সলনি হ’ব জীৱন
প্ৰকল্পটোৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ লগতে কৃষক আৰু স্থানীয় জনগোষ্ঠীৰ জীৱন-জীৱিকাৰ উন্নতিৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।
ইতিমধ্যে বিভিন্ন অঞ্চলত গছপুলি ৰোপণ আৰু ভূমি পুনৰুদ্ধাৰৰ কাম আৰম্ভ হৈছে। সেউজ আৱৰণ বৃদ্ধি পালে মাটিৰ ক্ষয় হ্ৰাস, পানী সংৰক্ষণ আৰু কৃষিৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি হোৱাৰ আশা কৰা হৈছে।
বন্যপ্ৰাণীৰ বাবেও আশাৰ বতৰা
এই সেউজ মহাপ্ৰাচীৰে কেৱল মানুহ আৰু কৃষিক উপকৃত কৰাৰ সম্ভাৱনা নাই, বন্যপ্ৰাণীৰ বাবেও নতুন বাসস্থান সৃষ্টি কৰিব পাৰে।
মৰুভূমিকৰণৰ প্ৰভাৱ হ্ৰাস কৰি পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰ হ’লে আফ্ৰিকাৰ বহু অঞ্চলত জীৱবৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পৰাৰ আশা কৰা হৈছে।
চীনৰ মহাপ্ৰাচীৰে যিদৰে মানৱ সভ্যতাৰ এক ঐতিহাসিক কীৰ্তিচিহ্ন হিচাপে স্থান লাভ কৰিছে, তেনেদৰে আফ্ৰিকাৰ ‘গ্ৰেট গ্ৰীণ ৱাল’ হৈ উঠিব পাৰে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে মানুহৰ এক বৃহৎ সেউজীয়া প্ৰচেষ্টাৰ প্ৰতীক।
