‘RSSৰ দুৱাৰমুখত মনুস্মৃতি জ্বলিল!’

নতুন দিল্লীঃ হালদোৱানীত কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেৰ সভাৰ পাছত অনুষ্ঠিত হোৱা বুলি অভিযোগ উঠা ‘হাৱন’ আৰু ‘শুদ্ধিকৰণ’ অনুষ্ঠানক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতিত পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

এই ঘটনাৰ প্ৰতিবাদত ভাৰতীয় যুৱ কংগ্ৰেছৰ কৰ্মীসকলে আৰএছএছৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত মনুস্মৃতিৰ প্ৰতিলিপি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে

যুৱ কংগ্ৰেছৰ অভিযোগ অনুসৰি, হালদোৱানীৰ ৰামলীলা ময়দানত মল্লিকার্জুন খাৰ্গেৰ সভাৰ পাছত ‘শুদ্ধিকৰণ’ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। সংগঠনটোৱে এই কাৰ্যক দলিত সমাজৰ প্ৰতি অপমানজনক আৰু বৈষম্যমূলক আচৰণ বুলি অভিহিত কৰে।

যুৱ কংগ্ৰেছৰ দাবী, ঘটনাটোক লৈ বিজেপিয়ে এতিয়াও ক্ষমা বিচৰা নাই আৰু জড়িত লোকসকলৰ বিৰুদ্ধে এজাহাৰো পঞ্জীয়ন কৰা হোৱা নাই।

এই পৰিপ্ৰেক্ষিততে আৰএছএছৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি যুৱ কংগ্ৰেছ কৰ্মীসকলে মনুস্মৃতিৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদ কৰে।

‘মনুস্মৃতিৰ কোনো স্থান নাই ভাৰতত’

প্ৰতিবাদকাৰীসকলে দাবী কৰে যে মানুহক উচ্চ-নীচ আৰু শুদ্ধ-অশুদ্ধৰ বিভাজনত ভাগ কৰা ধাৰণাৰ বিৰুদ্ধে দেশৰ সংবিধানেই মূল আধাৰ।

যুৱ কংগ্ৰেছৰ বক্তব্য অনুসৰি, ভাৰত মনুস্মৃতিৰ নীতিৰে নহয়, ড০ বি আৰ আম্বেদকৰে প্ৰণয়ন কৰা সংবিধানৰ মূল্যবোধৰ আধাৰত চলিব লাগে।

প্ৰতিবাদকাৰীসকলে ‘বাবাছাহেবৰ সংবিধান’ আৰু সামাজিক সমতাৰ পক্ষে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।

হালদোৱানীৰ ঘটনাক লৈ ৰাজনৈতিক উত্তাপ

হালদোৱানীৰ ঘটনাটোক লৈ ইতিমধ্যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত বাকযুদ্ধ তীব্ৰ হৈছে। কংগ্ৰেছে ঘটনাটোক দলিত সমাজৰ প্ৰতি অপমান হিচাপে অভিহিত কৰাৰ বিপৰীতে, বিজেপিৰ পক্ষৰ পৰা ইয়াক দলীয়ভাৱে আয়োজন কৰা ঘটনা নহয় বুলি দাবী কৰা হৈছে।

ঘটনাটোৰ প্ৰকৃত উদ্দেশ্য আৰু আয়োজকক লৈ ভিন্ন দাবী উত্থাপিত হোৱাৰ মাজতে এতিয়া যুৱ কংগ্ৰেছৰ এই প্ৰতিবাদে বিষয়টোক পুনৰ ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰলৈ আনিছে।

ইফালে, ঘটনাটোক লৈ আইনী ব্যৱস্থা গ্ৰহণ হ’ব নে নহয় আৰু তদন্তৰ জৰিয়তে প্ৰকৃত তথ্য কেতিয়া পোহৰলৈ আহিব, সেয়া এতিয়া লক্ষ্যণীয় হৈ পৰিছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *