শিৱসাগৰ জিলাৰ লাকুৱাত লাকুৱা–ৰাজগড় পথৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীত প্ৰতিবাদ।
লাকুৱা আঞ্চলিক ছাত্ৰ সন্থা আৰু আটছা লাকুৱা উপ-শাখা সমিতিৰ আহ্বানত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
বৃহত্তৰ লাকুৱাবাসী ৰাইজৰ সহযোগত সোমবাৰে পুৱাৰ পৰাই শতাধিক প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহে।
প্ৰতিবাদকাৰীসকলে লাকুৱা–ৰাজগড় পথৰ নিৰ্মাণকাৰ্য দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰে।
বিশেষকৈ লাকুৱাৰ কলনী শিৱমন্দিৰৰ পৰা চলাপথাৰ GCP তিনিআলিলৈকে পথছোৱাৰ নিৰ্মাণকাৰ্য অতি লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
দীৰ্ঘদিন ধৰি পথছোৱা আধৰুৱা হৈ থকাৰ ফলত স্থানীয় ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে।
পথছোৱাৰ দুৰৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী আৰু সাধাৰণ পথচাৰী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।
জৰুৰীকালীন সময়ত ৰোগী কঢ়িওৱাৰ ক্ষেত্ৰতো এই পথৰ দুৰৱস্থাই সমস্যাৰ সৃষ্টি কৰিছে বুলি প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে।
প্ৰতিবাদকাৰীসকলে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগক পথছোৱাৰ নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনায়।
অন্যথা অনাগত দিনত অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।
পথ অৱৰোধৰ ফলত অঞ্চলটোত কিছু সময়ৰ বাবে যান-বাহন চলাচল ব্যাহত হয়।
