নতুন দিল্লী: দিল্লীত অহা শনিবাৰে অনুষ্ঠিত হ’বলগীয়া ‘ককৰোচ জনতা পাৰ্টী’ অৰ্থাৎ CJPৰ মিছিলক লৈ হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে।
CJPয়ে ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ মিছিলৰ কাৰ্যসূচী ঘোষণা কৰিছে।
এই মিছিলৰ ফলত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিব বুলি এতিয়াই আশংকা কৰাৰ কোনো কাৰণ নাই বুলি আদালতে মন্তব্য কৰিছে।
মিছিল নিষিদ্ধ কৰাৰ আবেদন
দিল্লী আৰক্ষীৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মীয়ে CJPৰ মিছিল নিষিদ্ধ কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
কিন্তু জৰুৰী ভিত্তিত এই আবেদনৰ ওপৰত কোনো হস্তক্ষেপ কৰিবলৈ সন্মত নহ’ল আদালত।
আদালতে জনায়, একে বিষয়ৰ সৈতে জড়িত আন কেইবাটাও গোচৰ ইতিমধ্যে বিচাৰাধীন হৈ আছে।
১০ ছেপ্টেম্বৰত হ’ব শুনানি
এই গোচৰটোও আন গোচৰসমূহৰ সৈতে ১০ ছেপ্টেম্বৰত শুনানি লোৱাৰ সম্ভাৱনা আছে বুলি উচ্চতম ন্যায়ালয়ে জনায়।
তাৰ পূৰ্বে জৰুৰী শুনানি গ্ৰহণ কৰিবলৈ আদালত অমান্তি হয়।
প্ৰয়োজন হ’লে আবেদনকাৰীক আৰক্ষীৰ ওচৰত আবেদন জনাবলৈও মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে পৰামৰ্শ দিয়ে।
‘সকলোৱে দায়িত্বশীল আচৰণ কৰিব’
মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে মিছিলক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
আদালতে কয়, এতিয়ালৈকে মিছিলক লৈ সংশয় প্ৰকাশ কৰাৰ কোনো বিশেষ কাৰণ দেখা পোৱা নাই।
মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয়, ‘আমি আশা কৰিছোঁ সকলোৱে অত্যন্ত দায়িত্বশীলভাৱে আৰু শান্তিপূৰ্ণ আচৰণ কৰিব।’
BRICS সন্মিলনৰ পূৰ্বে মিছিল
অহা ১২ আৰু ১৩ ছেপ্টেম্বৰত দিল্লীত BRICS সন্মিলন অনুষ্ঠিত হ’ব।
ইয়াৰ পূৰ্বে CJPৰ মিছিল অনুষ্ঠিত নকৰিবলৈ আবেদন জনাই অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
আবেদনকাৰীয়ে পূৰ্বতে কৃত্ৰিম মেধা সন্মিলনৰ সময়ত যুৱ কংগ্ৰেছৰ প্ৰতিবাদৰ কথাও আদালতৰ সন্মুখত উল্লেখ কৰিছিল।
অৱশ্যে সেই যুক্তিৰ ভিত্তিতো মিছিল বন্ধ কৰাৰ বাবে হস্তক্ষেপ নকৰিলে উচ্চতম ন্যায়ালয়ে।
পূৰ্বেও CJPৰ কাৰ্যসূচীক লৈ উত্তেজনা
ইয়াৰ পূৰ্বে দিল্লীত CJPৰ ‘চলো সংসদ’ কাৰ্যসূচীৰ সময়ত আৰক্ষীৰ বিৰুদ্ধে অতিৰিক্ত বল প্ৰয়োগৰ অভিযোগ উঠিছিল।
সেই সময়ত হোৱা উত্তেজনাত কেইবাজনো আৰক্ষী কৰ্মী আহত হোৱা বুলিও অভিযোগ প্ৰকাশ পাইছিল।
ইয়াৰ পাছত যন্তৰ মন্তৰত প্ৰায় এমাহ ধৰি CJPয়ে আন্দোলন চলাইছিল।
দাবী পূৰণ নোহোৱাৰ অভিযোগ
আন্দোলনৰ পৰিপ্ৰেক্ষিতত ২৫ জুলাইত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছিল বুলি CJPৰ দাবী।
পাছত CJP নেতৃত্বই কেন্দ্ৰীয় চৰকাৰৰ সৈতে বৈঠকত মিলিত হৈছিল।
বৈঠকৰ পাছত সংগঠনটোৱে কেন্দ্ৰই তেওঁলোকৰ দাবীসমূহ মানি লোৱাৰ প্ৰতিশ্ৰুতি দিয়া বুলি জানিবলৈ দিছিল।
সেই প্ৰতিশ্ৰুতিৰ ভিত্তিতেই যন্তৰ মন্তৰৰ ধৰ্ণা প্ৰত্যাহাৰ কৰা হৈছিল বুলি সংগঠনটোৱে দাবী কৰে।
পুনৰ প্ৰতিবাদৰ হুংকাৰ
ধৰ্ণা প্ৰত্যাহাৰ কৰাৰ পাছতো নিজৰ দাবীসমূহক লৈ CJP নেতৃত্ব অনড় হৈ আছে।
তেওঁলোকৰ বক্তব্য, পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে পুনৰ প্ৰতিবাদ আৰম্ভ কৰা হ’ব।
এতিয়া শনিবাৰৰ মিছিলত CJPয়ে কি পদক্ষেপ লয় আৰু সকলো পক্ষই আদালতৰ আহ্বান অনুসৰি শান্তিপূৰ্ণ আচৰণ কৰে নে নকৰে, সেয়া লক্ষণীয়।
