লোকপিয়ল নহয় মণিপুৰত! NRCৰ দাবীৰ মাজতে High Courtৰ ডাঙৰ নিৰ্দেশ

ইম্ফলঃ National Register of Citizens (NRC) আপডেটৰ দাবীক কেন্দ্ৰ কৰি চলি থকা প্ৰতিবাদৰ মাজতে মণিপুৰত Census প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে। মণিপুৰ High Court-এ পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈ ৰাজ্যখনত Census আৰু House-listing exercise স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে।

১ ছেপ্টেম্বৰৰ পৰা Census আৰম্ভ কৰাৰ কথা আছিল। আনহাতে, ১৭ আগষ্টৰ পৰা House-listing exercise আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু NRC আপডেটৰ দাবীক লৈ দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি High Court-এ দুয়োটা প্ৰক্ৰিয়া পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈ স্থগিত ৰাখে।

NRC আপডেটৰ দাবীত আদালতৰ কাষ চাপিছিল সংগঠন

মণিপুৰৰ ১৪টা Valley-based Civil Society Organisation-এ Censusৰ পূৰ্বে NRC আপডেট কৰাৰ দাবী জনাই আহিছে। এই দাবীৰ সমৰ্থনত আদালতত Public Interest Litigation আৰু Writ Petition দাখিল কৰা হৈছিল।

আবেদনকাৰীসকলে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ NRC আপডেট কৰাৰ দাবী উত্থাপন কৰিছে। লগতে অবৈধ অনুপ্ৰৱেশৰ অভিযোগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু প্ৰকৃত ভাৰতীয় নাগৰিকক চিনাক্ত কৰাৰ দাবীও জনোৱা হৈছে।

তেওঁলোকৰ যুক্তি হৈছে, NRC আপডেট নকৰাকৈ Census আৰু পৰৱৰ্তী Delimitation প্ৰক্ৰিয়া আগবঢ়ালে জনসংখ্যাৰ সঠিক তথ্য আৰু নাগৰিকত্বৰ বিষয়ত বিভ্ৰান্তি সৃষ্টি হ’ব পাৰে।

দুমাহ ধৰি চলিছে প্ৰতিবাদ

NRCৰ দাবীক কেন্দ্ৰ কৰি মণিপুৰত বিগত দুমাহৰো অধিক সময় ধৰি বিভিন্ন প্ৰতিবাদ আৰু আন্দোলন চলি আহিছে।

আন্দোলনৰ অংশ হিচাপে কেইবাটাও বন্ধ পালন কৰা হৈছে। প্ৰতিবাদৰ সময়ত একাংশ লোক আহত হোৱা বুলিও সংগঠনসমূহে দাবী কৰিছে।

ইফালে, NRCৰ দাবীক লৈ মণিপুৰৰ বিভিন্ন সামাজিক আৰু নাগৰিক সংগঠনৰ মাজত মতৈক্য থাকিলেও বিষয়টো এতিয়া আদালতৰ মজিয়াত গুৰুত্বপূৰ্ণ ৰূপ লাভ কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ বৈঠকৰ পাছতো চৰ্চাত Census

ইফালে, মণিপুৰৰ Censusক লৈ কেন্দ্ৰীয় পৰ্যায়তো আলোচনা চলি আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত এখন উচ্চপৰ্যায়ৰ বৈঠকত মণিপুৰৰ পৰিস্থিতি আৰু Censusক লৈ আলোচনা কৰা হৈছিল।

বৈঠকত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিং, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনসহ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত আছিল।

ৰাজ্যখনৰ বিভিন্ন পক্ষৰ NRC সম্পৰ্কীয় দাবী আৰু জনসাধাৰণৰ উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি Census প্ৰক্ৰিয়া স্থগিত ৰখাৰ বিষয়টোও চৰ্চালৈ আহিছে।

মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ

Census স্থগিত ৰখাৰ সিদ্ধান্তৰ পাছত মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰিছে।

NRCৰ দাবী উত্থাপন কৰি কেন্দ্ৰীয় নেতৃত্বৰ সৈতে যোগাযোগ কৰা নাগৰিক সংগঠন আৰু BJP বিধায়কসকলৰ প্ৰতিনিধি দলৰ ভূমিকাও তেওঁ প্ৰশংসা কৰে।

১২ অক্টোবৰত পৰৱৰ্তী শুনানি

মণিপুৰ High Court-ৰ নিৰ্দেশ অনুসৰি, পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈ Census আৰু House-listing exercise আগবঢ়াব নোৱাৰিব।

গোচৰটোৰ পৰৱৰ্তী শুনানি ১২ অক্টোবৰ, ২০২৬ত অনুষ্ঠিত হোৱাৰ কথা।

এতিয়া মণিপুৰত Census কেতিয়া পুনৰ আৰম্ভ হ’ব, NRC আপডেটৰ দাবীৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু আদালতৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব, সেই বিষয়টোৱেই বিশেষ গুৰুত্ব লাভ কৰিছে।

Census, NRC, নাগৰিকত্ব আৰু অবৈধ অনুপ্ৰৱেশৰ অভিযোগক কেন্দ্ৰ কৰি মণিপুৰত চলি থকা বিতৰ্কে আগন্তুক দিনত অধিক ৰাজনৈতিক আৰু সামাজিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *