৭.৮% বৃদ্ধিৰ বাবে দেশবাসীক অভিনন্দন জনালে মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৭.৮% বৃদ্ধিৰ বাবে দেশবাসীক অভিনন্দন জনাই ইয়াক জনসাধাৰণৰ সংকল্পশক্তি, পৰিশ্ৰম আৰু সামূহিক শক্তিৰ প্ৰতিফলন বুলি মন্তব্য কৰিছে।

মোদীয়ে কয়, বিশ্বৰ বিভিন্ন প্ৰান্ত যুদ্ধ আৰু সংকটত জৰ্জৰিত। যোগান শৃংখলো ব্যাহত হৈছে। ২০২০ৰ ক’ভিডকালৰ পৰা এতিয়ালৈ বিশ্বত স্থিৰতা দেখা যোৱা নাই বুলি তেওঁ উল্লেখ কৰে।

এই পৰিস্থিতিৰ মাজতো ভাৰত দ্ৰুত গতিত আগবাঢ়ি আছে বুলি দাবী কৰি প্ৰধানমন্ত্ৰীয়ে কয়, দেশৰ ভিতৰতে কিছুমান লোকে হতাশা আৰু মিছা কথাৰ জৰিয়তে নৈৰাশ্য বিয়পোৱাৰ চেষ্টা কৰি আছে। সেই সকলো বাধা অতিক্ৰম কৰিয়েই দেশে ৭.৮% বৃদ্ধি লাভ কৰিছে বুলি তেওঁ মন্তব্য কৰে।

এই গতি অক্ষুণ্ণ ৰাখিবলৈ আত্মনিৰ্ভৰ ভাৰত গঢ়াটো অতি প্ৰয়োজনীয় বুলি মোদীয়ে কয়। তেওঁ স্বদেশী সামগ্ৰী ব্যৱহাৰ আৰু ‘ভ’কেল ফৰ লোকেল’ৰ মন্ত্ৰত গুৰুত্ব দিয়াৰ আহ্বান জনায়।

বিদেশলৈ ফুৰিবলৈ যোৱা বা বিদেশত বিয়া পতা এৰাই চলি ‘মেড ইন ইণ্ডিয়া’ৰ আদৰ্শ মানি চলিবলৈও তেওঁ আহ্বান জনায়। প্ৰয়োজন নাথাকিলে সোণ নিকিনিবলৈ কোৱা মোদীয়ে কয়, স্বদেশী আৰু আত্মনিৰ্ভৰতাক যিমান গুৰুত্ব দিয়া হ’ব, সিমানেই দেশ শক্তিশালী হ’ব।

স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ হোৱাৰ সময়ত যুৱ প্ৰজন্মক বিকশিত ভাৰত উপহাৰ দিয়াৰ লক্ষ্যৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। চৰকাৰৰ নীতি সঠিক আৰু নিয়ত স্পষ্ট বুলি দাবী কৰি তেওঁ ১৪০ কোটি দেশবাসীক দেশক নতুন উচ্চতালৈ লৈ যাবলৈ একেলগে কাম কৰাৰ আহ্বান জনায়।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *