মৰিয়নিৰ পৰা নিৰুদ্দেশ তিনি শিশুক ডিব্ৰুগড়ত উদ্ধাৰ

মৰিয়নিৰ পৰা নিৰুদ্দেশ হোৱা ৭, ৮ আৰু ৯ বছৰীয়া তিনিজন শিশুক ডিব্ৰুগড়-কন্যাকুমাৰী ভিভেক এক্সপ্ৰেছৰ পৰা উদ্ধাৰ কৰি মৰিয়নি ষ্টেচনলৈ অনা হৈছে। শিশুকেইজনৰ ভিতৰত এগৰাকী ছোৱালী আৰু দুজন ল'ৰা আছে।

কালি তিনিওজন শিশু নিৰুদ্দেশ হোৱাৰ পাছতে GRP আৰু RPFক খবৰ দিয়া হৈছিল। তিনিচুকীয়া ষ্টেচনলৈ শিশুকেইজন যোৱাৰ তথ্য পোৱাৰ পাছত আৰম্ভ হয় অনুসন্ধান।

অনুসন্ধানত শিশু তিনিজন ডিব্ৰুগড়-কন্যাকুমাৰী ভিভেক এক্সপ্ৰেছত উঠি যোৱাৰ তথ্য পোৱা যায়। পাছত ট্ৰেইনখনত বিচাৰি তেওঁলোকক উদ্ধাৰ কৰা হয়।

শিশুকেইজনে মৰিয়নিৰ পৰা যোৰহাটলৈ গৈছিল। যোৰহাটৰ পৰা যাত্ৰীবাহী ট্ৰেইনত তিনিচুকীয়ালৈ যায়। লগত কোনো ডাঙৰ লোক নথকাত মৰিয়নিত নমাৰ কথা নাজানি তেওঁলোক ট্ৰেইনতে আগবাঢ়ি যায়।

GRP মৰিয়নিয়ে শিশুকেইজনক চমজি লৈছে। আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পাছত তেওঁলোকক বৈধ অভিভাৱকৰ হাতত গতাই দিয়া হ'ব।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *