মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত ৪০,৫০৫ গৰাকী যুৱক-যুৱতীৰ বেংক একাউণ্টলৈ ৪ মাহৰ বাবে একেলগে ১০ হাজাৰ টকাকৈ অনুদান মুকলি কৰে। লগতে জাপানী ভাষা শিকি কৰ্মসংস্থাপনৰ বাবে প্ৰস্তুতি লোৱা যুৱক-যুৱতীৰ বাবে ‘চিএম ফ্লাইট’ নামৰ নতুন আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
শৰ্মাই কয়, ২০২৫ চনত স্নাতক ডিগ্ৰী লাভ কৰা কিন্তু স্নাতকোত্তৰ শিক্ষাত নামভৰ্তি নকৰা যুৱক-যুৱতীক কৰ্মজীৱন বা বিভিন্ন শৈক্ষিক কাৰ্যসূচীৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিবলৈ জীৱন প্ৰেৰণা আঁচনি লোৱা হৈছিল। এই আঁচনিত মাহে ২,৫০০ টকাকৈ এবছৰ সহায় দিয়া হয় বুলি তেওঁ উল্লেখ কৰে।
তেওঁৰ মতে, আঁচনিখনৰ বাবে ৪৮,১৮৮ গৰাকী যুৱক-যুৱতীয়ে আবেদন কৰিছিল। ২০২৫-২৬ বৰ্ষৰ ফেব্ৰুৱাৰী আৰু মাৰ্চত অনুদান দিয়া হৈছিল যদিও নিৰ্বাচনী অধিসূচনা আৰু বাজেট অনুমোদনৰ প্ৰক্ৰিয়াৰ বাবে নিয়মীয়া ৰূপায়ণত বাধা আহিছিল। সেইবাবে এপ্ৰিল, মে’, জুন আৰু জুলাই—এই ৪ মাহৰ ধন একেলগে ১০ হাজাৰ টকাকৈ দিয়া হৈছে।
আধাৰ সত্যাপন নকৰাৰ বাবে ১,০০০ গৰাকী যুৱক-যুৱতী এই কিস্তিৰ অনুদান পোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে কয়। আধাৰ সত্যাপন সম্পূৰ্ণ হোৱাৰ পাছত তেওঁলোকক পূৰ্বৰ প্ৰাপ্য ধনৰ সৈতে নিয়মীয়াকৈ অনুদান দিয়া হ’ব বুলিও তেওঁ আশ্বাস দিয়ে। বেংক একাউণ্টত ধন জমা নোহোৱা লোকসকলক বিভাগক অৱগত কৰিবলৈও তেওঁ আহ্বান জনায়।
‘চিএম ফ্লাইট’ আঁচনিৰ অধীনত জাপানী ভাষা প্ৰশিক্ষণৰ বাবে প্ৰতিগৰাকী শিক্ষাৰ্থীক ১.৫ লাখ টকাকৈ চৰকাৰী সহায় দিয়াৰ কথা ঘোষণা কৰে শৰ্মাই। তেওঁ কয়, পাঠ্যক্ৰম আৰম্ভ হোৱাৰ সময়ত ১ লাখ টকা আৰু বিদেশলৈ যোৱাৰ সময়ত হাতখৰচৰ বাবে ৫০ হাজাৰ টকা দিয়া হ’ব।
বৰ্তমান Asian Assam Academy, Mirai Japanese Learning Centre আৰু JEE Ventures LLP-ত ১৪৮ গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণ লৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰে ২৪ গৰাকীয়ে JFT Basic পৰীক্ষাত উত্তীৰ্ণ হৈছে বুলিও তেওঁ কয়। আগন্তুক সময়ত ১০,০০০ যুৱক-যুৱতীক এই প্ৰশিক্ষণৰ সৈতে জড়িত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
একেটা অনুষ্ঠানতে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত পৰিয়াললৈ DBT-ৰ জৰিয়তে ১৫,০০০ টকাকৈ অন্তৱৰ্তীকালীন বান সাহায্য মুকলি কৰা হয়। ৰাজহ মন্ত্ৰী কেশৱ মহন্তই কয়, ১৬,৭৪৬ ঘৰলৈ এই পৰ্যায়ত ২৫ কোটি ১২ লাখ টকা দিয়া হৈছে।
